ETV Bharat / bharat

পাকিস্তানৰ বাবে বিপদ : পুনৰ এফএটিএফৰ গ্ৰে লিষ্টত অন্তৰ্ভুক্ত

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানলৈ পুনৰ বিপদ ৷ 2020ৰ জুন মাহলৈ এফএটিএফ (Financial Action Task Force)ৰ গ্ৰে লিষ্টত অন্তৰ্ভূক্ত পাকিস্তান ৷

author img

By

Published : Feb 22, 2020, 1:30 PM IST

Pak Avoids Blacklist Noose, Remains On FATF Greylist For Now
পাকিস্তানৰ বাবে বিপদ : পুনৰ এফএটিএফৰ গ্ৰে লিষ্টত অন্তৰ্ভুক্ত

নিৰীক্ষণকাৰী সংস্থা এফএটিএফ (Financial Action Task Force)এ পাকিস্তানক ইয়াৰ গ্ৰে লিষ্টত অন্তৰ্ভুক্ত কৰি ৰাখিছে ৷ বিশ্বত্ৰাস সন্ত্ৰাসবাদী, হাফিজ ছৈয়দৰ বিৰুদ্ধে আদালতত ৰায়দান দিয়াৰ পিচটো সংস্থাটোৱে পাকিস্তানক গ্ৰে লিষ্টত অন্তৰ্ভুক্ত কৰি ৰাখে ৷ ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত এফএটিএফৰ পৰিপূৰ্ণ গোটে পেৰিছত অনুষ্ঠিত ইয়াৰ তিনিদিনীয়া আলোচনাত কয় যে, "পাকিস্তানে আমি নিৰ্ধাৰণ কৰি দিয়া 27টা কৰ্মসূচীৰ ভিতৰত 14টা সূচী ব্যাপক উন্নতি সাধন কৰিছে যদিও বাকীবোৰ চুবলৈ সক্ষম হোৱা নাই ৷" অৱশ্যে সম্ভাব্য ব্লেকলিষ্টৰ পৰা আঁতৰত অৱস্থান কৰিবলৈ সংস্থাটোৱে পাকিস্তানৰ চাৰিমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে 27টা কৰ্মসূচীৰ আটাইকেইটাই উন্নত কৰিবলৈ সাৱধানবানী প্ৰদান কৰিছে ৷ "এফএটিএফে পাকিস্তানক 2020ৰ জুন মাহৰ ভিতৰত আটাইকেইটা কৰ্মসূচীত উপনীত হ'বলৈ আদেশ প্ৰদান কৰিছে ৷ সন্ত্ৰাসবাদক পূঁজি যোগান বন্ধ নকৰিলে বহনক্ষম আৰু গ্ৰহণযোগ্য কাৰ্যব্যৱস্থা হাতত লোৱা হ'ব ৷ ইয়াৰ ভিতৰত এফএটিএফৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ সকলো ন্যায়িক পৰিসীমা আৰু বিত্তীয় প্ৰতিষ্ঠানক পাকিস্তানৰ প্ৰতি প্ৰদান কৰা বিশেষ সুবিধা আৰু অন্যান্য বিনিয়োগ অন্তৰ্ভুক্ত থাকিব ৷" এফএটিএফৰ অধ্যক্ষই আলোচনাত এইদৰে উল্লেখ কৰে ৷

লগতে পঢ়ক : কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ?

বিশ্বৰ 205 খন দেশৰ 800 প্ৰতিনিধিৰ লগতে আন্তৰাষ্ট্ৰীয় সংস্থা আৰু ন্যায়াধীকৰণে অংশগ্ৰহণ কৰা এই আলোচনাত এফএটিএফে ব্লেক লিষ্টৰ পৰা পাকিস্তানক আঁতৰাই দিব বুলি দেশখনে যথেষ্ট আশা কৰি আছিল ৷ গ্ৰে লিষ্টৰ পৰা বাছিবলৈ হোৱা সৰ্বমুঠ 39 টা ভোটৰ ভিতৰত পাকিস্তানে মাত্ৰ 14টা ভোট লাভ কৰে ৷ কিন্তু চীন, মালেছিয়া আৰু তুৰ্কীয়ে ভেটো ক্ষমতাৰ দ্বাৰা পাকিস্তানক ব্লেকলিষ্টৰ পৰা আঁতৰাই দিবলৈ সমৰ্থন আগবঢ়াইছিল ৷ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আলোচনাত অংশগ্ৰহণকাৰী অধিকাংশই পাকিস্তানক ব্লেকলিষ্টত অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে আগন্তুক সময়লৈ দেশখনক গ্ৰে লিষ্টত অন্তৰ্ভূক্ত কৰি ৰখাৰ বাবে সমৰ্থন আগবঢ়ায় ৷

2018ৰ জুনৰ পৰাই পাকিস্তানে এফএটিএফ আৰু ইয়াৰ সহকাৰী সংস্থা এপিজি (Asia Plenary Group)ৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক সমৰ্থনৰ দ্বাৰা সন্ত্ৰাসবাদক পূঁজি যোগান আৰু অন্যান্য় দিশসমূহৰ ওপৰত শক্তিশালী স্থিতি গ্ৰহণ কৰা বিষয়ত কাম কৰি আহিছে ৷ আলোচনাত এফএটিএফে পাকিস্তানক এএমএল (Anti-Money Laundering) আৰু চিএফটি (Combating the Financing of Terrorism) উলংঘণৰ ওপৰত ইয়াৰ প্ৰতিকাৰমূলক কাৰ্য আৰু মঞ্জুৰী প্ৰদৰ্শন কৰিবলৈ দি "নিদিষ্ট কৰ্তৃত্বই এই বিষয়ত সহযোগিতা কৰাৰ লগতে চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ" বুলি কয় ৷ ইয়াৰ উপৰিও এফএটিএফে নিৰ্দিষ্ট আইন প্ৰয়োদকাৰী সংস্থাসমূহক সন্ত্ৰাসবাদক পূঁজি যোগান আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত ব্যক্তি আৰু সংস্থাসমূহক চিনাক্ত কৰাৰ লগতে তদন্ত কৰি নিৰ্দিষ্ট কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আদেশ প্ৰদান কৰে ৷ এফএটিএফৰ সুৰক্ষা কাউন্সিলৰ 1267 আৰু 1373 সংখ্যক প্ৰস্তাৱনাৰ দ্বাৰা মনোনীত হোৱা সমষ্ট সন্ত্ৰাসবাদী আৰু সিহঁতৰ পক্ষে কাম কৰা, উন্নয়নত বাধা প্ৰদান কৰা আৰু সিহঁতৰ বিৰুদ্ধে লক্ষ্যবস্তুৰ আৰ্থিক নিষেধাজ্ঞা (কাৰ্যকৰী আইনী বাধ্যবাধকতাৰ দ্বাৰা সমৰ্থিত) কাৰ্যাৱলী প্ৰদৰ্শন কৰিবলৈ এফএটিএফে ইছলামাবাদক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ পূঁজি সংগ্ৰহ আৰু বিতৰণ কৰা, অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তি চিনাক্ত কৰি নিষিদ্ধ কৰা আৰু পূঁজিৰ লগতে বিত্তীয় সেৱাসমূহ নিষিদ্ধ কৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ইছলামাবাদক নিৰ্দেশনা প্ৰদান কৰিছে এফএটিএফে ৷

শুকুৰবাৰে এফএটিএফে জাৰী কৰা বিবৃতিত "শেহতীয়া আৰু উল্লেখনীয় উন্নয়নলৈ লক্ষ্য কৰি সকলো সময়সীমা অন্ত পৰাৰ পিচত পাকিস্তানে এফএটিএফৰ কৰ্মসূচী সম্পন্ন কৰাত বিফল হোৱাৰ লগতে নিৰ্দিষ্ট কৰি দিয়া সময়সীমাত নিৰ্দিষ্ট আইনৰ অধীনত সন্ত্ৰাসবাদ পূঁজিযোগান আৰু ইয়াৰ প্ৰতিক্ৰিয়াৰ পৰা উদ্ভৱ হ'ব পৰা সমস্যাক সমাধান কৰা গুৰুত্ব প্ৰদান কৰিব লাগে" বুলি কয় ৷ ইয়াৰ পূৰ্বেই 2019ৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা ঘোষিত তালিবান, অল-কায়দা, লস্কৰ-ই-তৈবা আৰু জইচ-ই-মহম্মদৰ দৰে সন্ত্ৰাসবাদী সংগঠনক পূঁজি যোগান ধৰা অৰ্থনৈতিক সংস্থা আৰু বেংকসমূহ বন্ধ কৰি দিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ পাকিস্তানক অক্টোবৰলৈ সময়সীমা

পাকিস্তানক ব্লেকলিষ্টত অন্তৰ্ভূক্ত নকৰিবলৈ যুক্তি আগবঢ়াই, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সহযোগিতাত এছএটিএফৰ কৰ্মসূচীৰ অধীনত তথ্যভূক্ত কৰা, বিষয়াক নিয়োগ কৰা আৰু উন্নীতকৰণ কৰা বিষয়ত কাম কৰি আছে বুলি মত প্ৰকাশ কৰিছিল ৷ লক্ষ্যনীয়ভাৱে পাকিস্তানক ব্লেকলিষ্টৰ অন্তৰ্ভূক্ত কৰা বিষয়ত এগৰাকী জ্যেষ্ঠ ভাৰতীয় বিষয়াই চলিত সপ্তাহত যুক্তি আগবঢ়ায় যে, পাকিস্তানত গ্ৰে লিষ্টত অন্তৰ্ভূক্ত কৰি ৰাখি সন্ত্ৰাসবাদক পূঁজি যোগান ধৰা বিষয়ত হেঁচা প্ৰদান কৰি থাকিব লাগে ৷ কিন্তু ব্লেকলিষ্টত অন্তৰ্ভূক্ত হ'লে পাকিস্তানে, সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি আহিব বুলি মত প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.