ETV Bharat / bharat

25 বছৰৰ পিচত ছিকিমত নতুন মুখ্যমন্ত্ৰী

author img

By

Published : May 27, 2019, 7:40 PM IST

ছিকিমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰেম সিং তামাঙৰ

25 বছৰৰ পিচত ছিকিমত নতুন মুখ্যমন্ত্ৰী

ছিকিম, 27 মে': সোমবাৰে ছিকিমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতি প্ৰেম সিং তামাং ওৰফে পি এছ গোলেইয়ে ৷ সুদীৰ্ঘ ২৫ বছৰৰ পিছত ছিকিমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰেম সিং তামাঙে ৷ ৰাজ্যপাল গংগা প্ৰসাদে পাঠ কৰোৱালে শপত বাক্য ৷ ছিকিমৰ ৰাজধানী গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় শপতগ্ৰহণৰ কাৰ্যসূচী ৷

নেপালী ভাষাত শপতবাক্য পাঠ কৰে নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু লক্ষ্যণীয়ভাৱে শপত বাক্য পাঠ অনুষ্ঠানত উপস্থিত নাথাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিঙকে ধৰি SDF-ৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 11 এপ্ৰিলত ছিকিমত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷ ৩২ খন আসনযুক্ত ছিকিম বিধানসভাৰ ১৭ খন আসনেই ছিকিম ক্ৰান্তিকাৰী মৰ্চাই দখল কৰাৰ বিপৰীতে ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে লাভ কৰে 15 খন আসন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.