ETV Bharat / bharat

জম্মু-কাশ্মীৰত 46হাজাৰক ৰখা হৈছে নিৰীক্ষণত, এতিয়ালৈকে আক্ৰান্ত 207 গৰাকী

author img

By

Published : Apr 11, 2020, 11:41 AM IST

দেশত কৰ’ণা ভাইৰাছে সংহাৰ চলোৱাৰ সময়তে জম্মু-কাশ্মীৰত প্ৰায় 46 হাজাৰৰো অধিক লোকক তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছে ৷ ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত 207 গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

জম্মু-কাশ্মীৰ
জম্মু-কাশ্মীৰ

নিউজ ডেস্ক, 11 এপ্ৰিলঃ জম্মু-কাশ্মীৰত 46 হাজাৰৰো অধিক ব্যক্তিক কোভিড-19ৰ পৰা হ’ব পৰা সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছে ৷ শুকুৰবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোত 23 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে সৰ্বমুঠ 207 গৰাকী ব্যক্তি এতিয়ালৈকে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্থানীয় প্ৰশাসনে ৷ ইয়াৰে ভিতৰত 16 গৰাকী কাশ্মীৰ আৰু 7 গৰাকী জম্মুৰ পৰা কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ সৰ্বমুঠ 207 গৰাকীৰ ভিতৰত 168 গৰাকী কাশ্মীৰ আৰু 39 গৰাকী জম্মুত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷

জানিব পৰা অনুসৰি, 7726 গৰাকী হোম কুৰানন্টাইনত ৰখা হৈছে, 415 গৰাকীক হস্পিতাল কুৰানন্টাইনত আৰু 197 গৰাকীক হস্পিতাল আছোলেশ্বন আৰু 27,891 গৰাকীক হোম ছাৰভাইলেন্সত ৰখা হৈছে ৷ ইয়াৰ উপৰিও 9925 গৰাকী লোকে তেওঁলোকৰ 28 দিনীয়া ছাৰভাইলেন্সৰ সমসসীমা আতিক্ৰম কৰিছে ৷ সৰ্বমুঠ 46,154 গৰাকীক নিৰীক্ষণত ৰখা হৈছে ৷ ইয়াৰ ভিতৰত বৰ্তমান সময়লৈকে 2,754 গৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.