নতুন দিল্লী,১৯ ডিচেম্বৰ: ভাৰতীয় বিমান প্ৰাধিকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষদ্বীপ সিং পুৰীয়ে শনিবাৰে বন্দে ভাৰত আঁচনিৰ অধীনত ৩.৯ লক্ষাধিক লোকে সুুবিধা গ্ৰহণ কৰাৰ কথা সদৰী কৰে ৷
মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে এই তথ্য সদৰী কৰে ৷ ১৮ ডিচেম্বৰলৈকে প্ৰায় ৮,৫৪৬ গৰাকী ভাৰতীয়ই বিদেশৰ ভিন্ন স্থানৰ পৰা দেশলৈ উভটি আহে ৷
ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ঘোষণা কৰা অনুসৰি ৩১ ডিচেম্বৰলৈকে এই আঁচনিৰ অষ্টম পৰ্যায় অব্যাহত থাকিব ৷
এই আঁচনি বিগত মে’ মাহত আৰম্ভ কৰা হৈছিল ৷ কৰ’ণা সংক্ৰমণৰ বাবে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে এই আঁচনি মুকলি কৰা হৈছিল ৷
লগতে চাওকঃ বিভিন্ন ক্ষেত্ৰৰ স্বত্বাধিকাৰীৰে পৰামৰ্শ বৈঠক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ