ETV Bharat / bharat

গাজিয়াবাদত 1000 তেজৰ নমুনা পৰীক্ষা কৰা হৈছে : স্বাস্থ্য বিভাগ

author img

By

Published : Apr 15, 2020, 11:24 AM IST

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত স্বাস্থ্য বিভাগে প্ৰায় 1000 লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ গাজিয়াবাদত প্ৰায় 168 গৰাকী সন্দেহজনক ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে আৰু এতিয়ালৈকে 27 গৰাকী লোকৰ তেজত কৰ’ণা ভাইৰাছৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছে ৷

গাজিয়াবাদত 1000 তেজৰ নমুনা পৰীক্ষা কৰা হৈছে : স্বাস্থ্য বিভাগ
গাজিয়াবাদত 1000 তেজৰ নমুনা পৰীক্ষা কৰা হৈছে : স্বাস্থ্য বিভাগ

নিউজ ডেস্ক, 15 এপ্ৰিলঃ সমগ্ৰ দেশতে মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে গাজিয়াবাদ প্ৰশাসন ৷ গাজিয়াবাদ স্বাস্থ্য বিভাগৰ মুখ্য স্বাস্থ্য বিষয়া এন কে গুপ্তাই এই কথা প্ৰকাশ কৰিছে ৷ গাজিয়াবাদৰ স্বাস্থ্য বিভাগে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত 168 গৰাকী ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে আৰু ইয়াৰে 27 গৰাকীৰ দেহত এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে বুলি প্ৰকাশ কৰিছে ৷ আনহাতে 7 গৰাকী ব্যক্তিৰ তেজৰ নমুনাত এই ভাইৰাছৰ উপস্থিতি পোৱা হোৱা নাই বুলিও স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷

লগতে পঢ়কঃ হাইড্ৰ’স্কিক্লৰ’কুইনঃ এক আশাৰ ৰেঙণি

মুখ্য স্বাস্থ্য বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,সৰ্বমুঠ 1,089 গৰাকী ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে গাজিয়াবাদ স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত 673 গৰাকী ব্যক্তিৰ তেজৰ নমুনাৰ ফলাফল নিগেটিভ পোৱাৰ লগতে 391 গৰাকীৰ ফলাফল আহিবলৈ এতিয়াও বাকী আছে ৷ গাজিয়াবাদত সৰ্বাধিক সংখ্যক 81,565 গৰাকী ব্যক্তিক নিৰীক্ষণত ৰখা হৈছে আৰু ইয়াৰে 80,011 গৰাকীকে নিজ নিজ গৃহত আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে ৷ গাজিয়াবাদত এতিয়ালৈকে 27 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু 7গৰাকীয়ে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্য স্বাস্থ্য বিষয়া এন কে গুপ্তাই প্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.