ETV Bharat / bharat

'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ১.০৭ লাখ লোক ভাৰতত উপস্থিত হৈছে : MEA

author img

By

Published : Jun 5, 2020, 9:38 AM IST

বৈদেশিক মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ১.০৭ লাখ লোক 'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ভাৰতত উপস্থিত হৈছে । পুনৰ তৃতীয় পৰ্যায়ত প্ৰবাসী ভাৰতীয়সকলক দেশলৈ উভতাই আনিবৰ বাবে বাবে সাজু হৈছে ভাৰত চৰকাৰ ৷

vande bharat misson
বন্দে ভাৰত মিছনৰ জৰিয়তে ১.০৭ লোক ভাৰতত উপস্হিত

নিউজ ডেস্ক, ৫ জুন : 'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ১.০৭ লাখ লােকক বিশ্বৰ বিভিন্ন স্থানৰ পৰা দেশলৈ উভতাই অনা হৈছে ৷ ৭ মে'ত ভাৰত চৰকাৰে মুকলি কৰা 'বন্দে ভাৰত মিছন'ৰ জৰিয়তে এই লোকসকল দেশলৈ উভতি আহিছে বুলি মন্তব্য কৰে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ৷

উল্লেখযোগ্য যে, চৰকাৰে 'বন্দে ভাৰত মিছন'ৰ তৃতীয় পৰ্যায়ৰ বাবে সাজু হৈছে । দ্বিতীয় পৰ্যায়ৰ মিছন ১৩ জুনত অন্ত পৰিব বুলি জানিব পৰা গৈছে । প্ৰায় ৩৮,০০০ জন লোকক ৩৩৭ খন বিমানযোগে ৩১ খনদেশৰ পৰা অনা হৈছে বুলি কয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ।

ইপিনে প্ৰথম পৰ্যায়ত ৭ মে'ৰ পৰা ১৫ মে'লৈকে চৰকাৰে ১৫,০০০ লোকক ১২ খন বিভিন্ন দেশৰ পৰা নিজ দেশলৈ অনাৰ ব্যৱস্থা কৰে । দ্বিতীয় পৰ্যায়ত বিদেশৰ পৰা ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ১৭ মে'ৰ পৰা ২২ মে'লৈ । পুনৰ চৰকাৰে ১৩ জুনলৈকে বৃদ্ধি কৰিছে এই মিছনৰ দিন ।

এয়াৰ ইণ্ডিয়াৰ ১০৩ খন বিমানযোগে দ্বিতীয় পৰ্যায়ত ভাৰতলৈ বিদেশত আবদ্ধ হৈ থকা লোক সকলক অনাৰ ব্যৱস্থা কৰিছে । লগতে শ্ৰীবাস্তবে কয় যে, ভাৰতীয় নৌ সেনাৰ জৰিয়তে মালদ্বীপ আৰু শ্ৰীলংকাৰ পৰা প্ৰবাসী লোকক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । ভাৰত চৰকাৰৰ বন্দে ভাৰত মিছন অনুসৰি, ৪৫৪ খন বিমানেৰে বিদেশৰ পৰা ১,০৭,১২৩ জন লোকক ভাৰতলৈ অনা হয় ৷ যিসকল লোকক ভাৰতলৈ অনা হৈছিল সেই সকলৰ ভিতৰত ১৭,৪৮৫ জন শ্ৰমিক, ১১,৫১১ জন ছাত্র-ছাত্রী আৰু ৮,৬৩৩ গৰাকী প্ৰবাসী ভাৰতীয় আছিল ৷

মুখপাত্ৰজনে লগতে উল্লেখ কৰে যে, এতিয়াও বহুলোক বিভিন্ন দেশত আৱদ্ধ হৈ আছে বিশেষকৈ ছাত্র-ছাত্রী, গৰ্ভৱতী মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকল ৷ এই লোকসকলক তৃতীয় পৰ্যায়ত সামৰি লোৱা হ'ব বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.