নিউজ ডেস্ক, 10 অক্টোবৰ: শনিবাৰে দুখন ভি ভি আই পি বিমান ক্ৰয় কৰাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । তেওঁ কয় যে,সেনা বাহিনীক বুলেটপ্ৰুফ নোহোৱা ট্ৰাকত পঠিয়াই শ্বহীদ কৰিছে । ইফালে প্ৰধান মন্ত্ৰীৰ বাবে চৰকাৰে আঠ হাজাৰ চাৰিশ কোটি টকীয়া বিমান ক্ৰয় কৰিছে ।
-
हमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!
— Rahul Gandhi (@RahulGandhi) October 10, 2020 " class="align-text-top noRightClick twitterSection" data="
क्या यह न्याय है? pic.twitter.com/iu5iYWVBfE
">हमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!
— Rahul Gandhi (@RahulGandhi) October 10, 2020
क्या यह न्याय है? pic.twitter.com/iu5iYWVBfEहमारे जवानों को नॉन-बुलेट प्रूफ़ ट्रकों में शहीद होने भेजा जा रहा है और PM के लिए 8400 करोड़ के हवाई जहाज़!
— Rahul Gandhi (@RahulGandhi) October 10, 2020
क्या यह न्याय है? pic.twitter.com/iu5iYWVBfE
তাৰোপৰি বুলেটপ্ৰুফ নোহোৱা ট্ৰাকত কৰ্তব্য পালন কৰোতে আমাৰ জোৱানসকল দেশৰ বাবে শ্বহীদ হৈ আছে যদিও প্ৰধান মন্ত্ৰীৰ বাবে আঠ হাজাৰ চাৰিশ কোটি টকীয়া বিমান ক্ৰয় কৰাতো সেয়া কিমান দূৰ ন্যায় বিচাৰ হৈছে বুলি টুইট যোগে সদৰি কৰে ৰাহুল গান্ধীয়ে।
তাৰোপৰি তেওঁ এটা ভিডিঅ টুইট যোগে কয় যে,চলন্ত যান বাহনৰ মাজত,বুলেটপ্ৰুফ নোহোৱা ট্ৰাকত জোৱানসকল কিদৰে বিপদৰ সন্মুখীন হয় তাৰ বিষয়ে আলোচনা কৰে । বিগত সপ্তাহত পাঞ্জাৱৰ এখন সমাবেশত দুখন ভি ভি আই পি বিমান কিনাক লৈও তাচ্ছিল্য কৰে ।
তাৰোপৰি তেওঁ কয় যে,ইফালে প্ৰধানমন্ত্ৰী মোদী চৰকাৰে আঠশ কোটি টকাৰ দুখন বিমান কিনিছে । আনফালে চীনে আমাৰ সীমান্ত দখল কৰিছে আৰু আমাৰ সুৰক্ষা বাহিনীৰ জোৱানসকল সীমান্ত ৰক্ষাৰ ক্ষেত্ৰত শীতত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে ।