ETV Bharat / bharat

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অভিজিৎ শৰ্মাৰ

author img

By

Published : Feb 18, 2020, 9:15 PM IST

আছাম পাব্লিক ৱৰ্কছৰ সভাপতি, অভিজিৎ শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা এক উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷ ইয়াৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে শৰ্মাই ৷

Original petitioner demands high-level probe, re-verification of NRC
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী অভিজিৎ শৰ্মাৰ

গুৱাহাটী, 18 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ তথা এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আছাম পাব্লিক ৱৰ্কছে ৷ নতুন দিল্লীত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত ব্য়ৱহাৰ কৰা ছফটৱেৰটো ইমানখিনি তথ্য মজুত ৰখাৰ বাবে সক্ষম হয় নে নহয় সেয়াও সন্দেহাতীত আৰু ইয়াৰ বাবে তৃতীয় পক্ষৰ তথ্য প্ৰযুক্তি বিশেষজ্ঞৰ দ্বাৰা ইয়াক পৰীক্ষণ কৰা হৈছিল নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে অভিজিৎ শৰ্মাই ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণ

ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিজিৎ শৰ্মাই কোৱা অনুসৰি, 'বৰ্তমানলৈকে আছাম পাব্লিক ৱৰ্কছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বাবে ছখনকৈ এফিডেভিটছ দাখিল কৰিছে ৷ দুটাকৈ গোচৰৰ ৰায়দান হোৱাৰ পিচতহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে ৷ আমি তেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম বন্ধ ৰাখিবলৈ উচ্চতম ন্য়ায়ালয়ক অনুৰোধ কৰিছো ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সংঘটিত হোৱা দুষ্কাৰ্যৰ পিচত থকাসকলক চিনাক্ত কৰি উলিয়াবলৈ চিবিআই, নিয়া অথবা ইডিৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ তদন্ত কমিটীৰ দাবী কৰিছো ৷' ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত জড়িত থকা আইটি কোম্পানীৰ লগতে ৰাজ্যিক সমন্বয়ক দুৰ্নীতিত লিপ্ত বুলি অভিযোগ উত্থাপন কৰে আছাম পাব্লিক ৱৰ্কছে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চৰকাৰী ৱেবচাইটৰ পৰা তথ্যসমূহ অফলাইন হৈ যোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিকৰণৰ বিষয়ে এতিয়াও তথ্য আপদেট কৰা নাই বুলি কয় অভিজিৎ শৰ্মাই ৷ আইটি ফাৰ্ম ৱিপ্ৰোৰ সৈতে থকা চুক্তি পুনৰনৱীকৰণ নকৰাৰ ফলত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সকলো তথ্য ইয়াৰ চৰকাৰী ৱেবচাইটৰ পৰা অফলাইন কৰি দিয়া হৈছে ৷

2009 চনত আছাম পাব্লিক ৱৰ্কছে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি, ৰাজ্যৰ নিৰ্বাচনী সূচীৰ পৰা 41 লাখ বিদেশীৰ নাম বাতিল কৰিবলৈ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰিবলৈ অনুৰোধ জনাইছিল ৷ আবেদনৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক 1951 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ চলি থকা বুলি জনাইছিল ৷ 2013 চনত উচ্চতম ন্য়ায়ালয়ে আছাম পাব্লিক ৱৰ্কছৰ আবেদনখন গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম কৰিবলৈ কৈছিল আৰু ইয়াৰ দুবছৰৰ পিচতে এনআৰচি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যিয়ে অসমত থকা ভাৰতীয় নাগৰিকসকলক নাগৰিকত্বৰ প্ৰমাণ প্ৰদান কৰে, উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান ইয়াৰ উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল ৷ 2019 চনৰ আগষ্ট মাহৰ 31 তাৰিখে ইয়াৰ চূড়ান্ত সূচী প্ৰকাশ পাইছিল য'ত 19 লাখ লোকৰ নাম বাদ পৰিছিল ৷ ইয়াৰ পিচতেই বহুসংখ্যক ৰাজনৈতিক দল আৰু সংস্থাই অভিযোগ উত্থাপন কৰিছিল যে, এই সূচীত বহুসংখ্যক অবৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট হোৱাৰ লগতে বহুসংখ্যক স্থায়ী ভাৰতীয়ৰ নাম বাদ পৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.