ETV Bharat / bharat

গোলা-বাৰুদৰ কাৰখানাঃ সংকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিৱৰ্তন প্ৰচেষ্টা - প্ৰতিৰক্ষা মন্ত্ৰালয়

গোলাবাৰুদৰ কাৰখানাই (অ’ এফ) বছৰ বছৰ জুৰি সশস্ত্ৰ বাহিনীক অস্ত্ৰ শস্ত্ৰ তথা সা-সৰঞ্জামৰ যোগান ধৰি আহিছে ৷ এই অস্ত্ৰ শস্ত্ৰসমূহ হয় ডি আৰ ডি অ’ৰ দাৰা বিকাশ কৰা হৈছিল নাইবা টি অ’ টিয়ে বিদেশৰ পৰা ক্ৰয় কৰি আনিছিল ৷ সশস্ত্ৰ বাহিনীয়ে অ’ এফৰ উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত গুণাগুণ, মূল্য আৰু সময় সূচীৰ সন্দৰ্ভত প্ৰকৃত চিন্তা ব্যক্ত কৰিছে ৷

গোলা-বাৰুদৰ কাৰখানা
ORDNANCE FACTORIES
author img

By

Published : Sep 19, 2020, 12:26 PM IST

প্ৰতিৰক্ষা মন্ত্ৰালয়ে অলপতে অৰ্ডিনাঞ্চ ফেক্টৰি বৰ্ডক (অ এফ বি) স্বতন্ত্ৰ প্ৰতিষ্ঠানলৈ উন্নিত কৰাৰ উদ্যোগৰ বাবে কে পি এম জি এডভাইজৰি ছাৰ্ভিচেচ প্ৰাইভেট লিমিটেডক খেইতান এণ্ড কো লিমিটেডৰ সৈতে পৰামৰ্শদাতা সংস্থা হিচাপে নিয়োগ কৰিছে ৷ সাম্প্ৰতিক কালত ডিফেঞ্চ ইণ্ডাষ্ট্ৰিয়েল বেইছ (ডি আই বি)ত থকা চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাটো এক বিতৰ্কিত বিষয় হৈ পৰিছে ৷ অ এফ বিক স্বতন্ত্ৰ প্ৰতিষ্ঠান হিচাপে উন্নিত কৰিবলৈ উদ্যোগ লোৱা প্ৰক্ৰিয়াটো এনে এক প্ৰসংগ যি বিষয়ত বহুতো মতামত ব্যক্ত কৰা হৈ গৈছে ৷ অধিকাংশই ইয়াক তাৎক্ষণিক লাভালাভৰ সৈতে এক “লগোৱা আৰু ব্যৱহাৰ কৰা” জাতীয় উদ্যোগ হিচাপে গ্ৰহণ কৰিছে ৷ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ভূমিকাৰ প্ৰশ্নটো বহু ৰাষ্ট্ৰত এটা অতি সংবেদনশীল বিষয় ৷ দেখা গৈছে যে, উন্নত অৰ্থনীতিৰ দেশবোৰত বিশেষকৈ শীতল যুদ্ধৰ সমাপ্তিৰ পাচত বৃহৎ বৃহৎ সামৰিক বাহিনীবোৰ সংখ্যাগত ফালৰ পৰা ব্যাপক হাৰত সংকুচিত কৰাৰ ফলস্বৰূপে তথা অস্ত্ৰ-শস্ত্ৰৰ চাহিদা কমি যোৱাৰ ফলত বেচৰকাৰী খণ্ডৰ অংশগ্ৰহণ বাঢ়ি গৈছে ৷ এল এ ছিত সন্মুখ সমৰৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ ফলত ভাৰতবৰ্ষত প্ৰতিৰক্ষাৰ এই ছবিখন সম্পূৰ্ণ ওলোতা হোৱাটোহে পৰিলক্ষিত হৈছে ৷ ব্যয় সামৰ্থতাৰ দিশৰ পৰা চাবলৈ গ’লে ডি আই বিক অনুকূল কৰি তুলাটো অত্যন্ত প্ৰয়োজনীয় ৷ এই ক্ষেত্ৰত যথেষ্ট সাৱধানতাৰে আগবাঢ়িব লাগিব যাতে পৰৱৰ্তী পৰ্যায়ত দেখা দিব পৰা সাংগঠনিক এন্ট্ৰ’পি আৰু বাধাবোৰক হ্ৰাস কৰিব পৰা যায় ৷

কিছু দিনৰ আগেয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আৰ্মি বেইছ ৱৰ্কশ্বপত (এ বি ডব্লিউ) সেনাবাহিনীৰ অস্ত্ৰ-শস্ত্ৰ তথা সা-সৰঞ্জামসমূহত এম আৰ অ’ৰ যোগান ধৰা গ’ক’ (জি অ ছি অ) উদ্যোগক বাস্তৱায়িত কৰাৰ পৰিকল্পনা তথা কৌশলগত নিৰ্দেশনা দিবলৈ প্ৰাইছৱাটাৰ কোপাৰছক (পি ডব্লিউ ছি) পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে ৷ অন্তৰ্ভাগৰ পুনৰ নিৰ্মাণৰ কাৰ্যবোৰ বেচৰকাৰী পৰিচালকসকলৰ হাতত তুলি দিয়াৰ এই বিষয়টোৱেই আছিল এনে এটা বিষয় যিটো সেনাবাহিনীৰ নিজাববীয়া প্ৰচেষ্টাৰ ফলত হৈছিল ৷

আন্তঃ অনুশাসনমূলক সহযোগীতাৰে অপৰিচিত নেতাসকলে গ’ক’ক যিকোনো প্ৰকাৰে বাস্তৱায়িত কৰি এক অদূৰদৰ্শী দৃষ্টিভংগিৰহে প্ৰদৰ্শন কৰিলে ৷ পৰিযোজনাটোৰ বিস্তৃত খতিয়ানটি হ’ল মূল্য দিয়াৰ ক্ষেত্ৰত এজন অপেচাদাৰীৰ এক সৰ্বোত্তম প্ৰচেষ্টা ৷ ইয়াত এই তথ্যটো আওকান কৰা হৈছিল যে, এ বি ডব্লিউ হ’ল এক “এৱছ’লেন্স ইনভেনটৰী”ৰ মিছনৰ বাবে সদা তৎতপৰ হৈ থকা অতি জৰুৰি ব্যৱহাৰিক জ্ঞানৰ এক অভিযান্তিক দূৰ্গ; য’ত সমগ্ৰ বিশ্বৰ বিভিন্ন অংশৰ পৰা ক্ৰয় কৰা প্ৰযুক্তিৰ অভূতপূৰ্ৱ সমাহাৰ ঘটিছে ৷ এল ছি/এল এ ছিত গোলা বৰ্ষণৰ ক্ষেত্ৰত মূল শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত অন্যতম; তিনি দশক পুৰণি বফৰ্ছ তোপবোৰো এই জ্ঞান ভাণ্ডাৰৰ সৌজন্যতেই সম্ভৱ হৈছে ৷ সুউচ্চ ভূমিত ট্ৰেকবোৰ সঞ্চালন কৰা আৰু গোলাবৰ্ষণ কৰা কাৰ্য পৰিচালকসমূহৰ বাবে অতি কষ্টসাধ্য কাম ৷ দেশৰ দীৰ্ঘকালিন সুৰক্ষাৰ প্ৰশ্নটো ধ্যানত ৰাখি এক আৰু অধিক উপযুক্ত গোলকীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে; ইউ এছ এ আৰু ইউ কেৰ দৰে দেশবোৰে উপসাগৰীয় যুদ্ধৰ পৰা লোৱা যি শিকনি; যাৰ জৰিয়তে উচ্চ স্তৰৰ মিছনৰ প্ৰস্তুতি, বৰ্ধন ক্ষমতা তথা অভিযানৰ কাৰ্যকাৰিতা সম্পাদন কৰিবলৈ এক ভাৰসাম্যপূৰ্ণ পাব্লিক প্ৰাইভেট পাৰ্টনাৰ্শ্বিপৰ (সংকৰণ) বাবে গ’ক’ক অস্বীকাৰ কৰিছিল; সেই শিকনিৰ প্ৰয়োজন আছিল ৷ সৌভাগ্য বশতঃ এল এ এছিৰ গতিৰোধে পাৰম্পৰিক তৎপৰতাৰ গুৰুত্বক পুনৰ জাগ্ৰত কৰিলে আৰু আশা কৰিব পাৰি যে সেনাবহিনীয়ে এ বি ডব্লিউৰ ওপৰত প্ৰত্যক্ষ কৰ্তৃত্ব থকাৰ পৰিৱৰ্তে ঠিকাদাৰৰ দাৰা সঞ্চালিত এম আৰ অ’লৈ খোজ দিয়াৰ আগত এবাৰ হ’লেও জুকিয়াই চাব ৷ এক ঠিকাভিত্তিক সম্বন্ধই অভিযানমূলক তৎপৰতা ধ্বংস কৰিব পাৰে ৷

গোলাবাৰুদৰ কাৰখানাই (অ’ এফ) বছৰ বছৰ জুৰি সশস্ত্ৰ বাহিনীক অস্ত্ৰ শস্ত্ৰ তথা সা-সৰঞ্জামৰ যোগান ধৰি আহিছে ৷ এই অস্ত্ৰ শস্ত্ৰসমূহ হয় ডি আৰ ডি অ’ৰ দাৰা বিকাশ কৰা হৈছিল নাইবা টি অ’ টিয়ে বিদেশৰ পৰা ক্ৰয় কৰি আনিছিল ৷ সশস্ত্ৰ বাহিনীয়ে অ’ এফৰ উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত গুণাগুণ, মূল্য আৰু সময় সূচীৰ সন্দৰ্ভত প্ৰকৃত চিন্তা ব্যক্ত কৰিছে ৷ নিশ্চিতভাৱেই “লীন ষ্টাফিঙ”ৰ দৰে ঔদ্যোগিক ক্ষেত্ৰখনৰ উত্তম প্ৰথাবোৰৰ প্ৰয়োগ কৰা, সময় সূচীমতে কাম সমাপন কৰা ইত্যাদিৰ জৰিয়তে আধুনিকিকৰণ কৰাৰ প্ৰয়োজনীয়তা আছে ৷ যি নহওক, অ’ এফে প্ৰদান কৰা কিছুমান অদ্বিতীয় সুবিধাক আওকান কৰা হ’ল- যেনে সংকটৰ সময়ত বিতৰণবোৰ ‘স্কে’ল আপ’ কৰিব পৰাৰ দক্ষতা; কৰ্ম ক্ষেত্ৰত মোতায়েন থকা ‘ছিষ্টেম’সমূহৰ মিছন তৎপৰতা ত্বৰান্বিত কৰি তুলিবৰ বাবে ৰক্ষণাবেক্ষণকাৰী সকলক প্ৰয়োজন হোৱা “ছাব ছিষ্টেম”ৰ তাৎক্ষণিকভাৱে যোগান ধৰাৰ অনুশীলন ৷ শীতল যুদ্ধৰ শেষলৈকে বহুকেইখন উন্নত ৰাষ্ট্ৰই এই কৌশলবোৰ গ্ৰহণ কৰিছিল ৷ চি ডি এছে কোৱা এক দুই তৰপীয়া যুদ্ধৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখিলে এই কথা অতিকে জৰুৰী হৈ পৰে যে এই পৰামৰ্শদাতা সংস্থাটোৱে এটা লক্ষ্যৰেই আগুৱাব লাগিব ৷ সেইটো হ’ল; দুসাহসী ভাৰতীয় সৈনিকসকলক অত্যধিক বিস্বস্ত ৰাইফল, টেংক, বন্দুকৰ যোগান ধৰা; যিবোৰে সেই বৰফাবৃত শৃংগবোৰত শেষৰ ৰাউণ্ডলৈকে অবিৰতভাৱে বিকল নোহোৱাকৈ চলি যাব পাৰে ৷ পৰামৰ্শদাতা সংস্থাটোৱে পি ডব্লিউ ছি আৰু গ’ক’ৱে দেখুওৱা “আমি আৰু সিহঁত” ধৰণৰ উদাহৰণৰ বিপৰীতে অ’ এফ বিৰ সৈতে লগ হৈ এক মুক্ত পৰিৱেশত সংগতিৰে কাম কৰিব লাগিব ৷ এইটো মনত ৰাখিব লগিব যে, সংস্থা সমূহত তেতিয়াহে পৰিৱৰ্তনবোৰ দীৰ্ঘ সময়লৈকে তিস্তি থাকে যেতিয়া ‘স্পটলাইট’ মানুহৰ ওপৰত থাকে ৷ পৰিণাম আৰু জৱাবদিহিতাৰ ওপৰত জোৰ দিয়াৰ উপৰিও কৰ্মচাৰী সকলৰ কুশল মংগল, কাৰ্য দক্ষতা আৰু জীৱনৰ ভাৰাসাম্যতাৰ বিষয়েও ধ্যান দিব লাগিব ৷ প্ৰযুক্তিবিদ্যা প্ৰত্যাহ্বান নহয়; সংস্কৃতিহে প্ৰত্যাহ্বান ৷ সংস্কৃতি সহযোগী, উদ্ভাৱনী, উচ্চ পৰ্যায়ৰ প্ৰদৰ্শনীয়, বিশ্বাসযোগ্য তথা স্বচ্ছতাপূৰ্ণ হ’ব পাৰে ৷ অন্যথা, এই প্ৰচেষ্টাবোৰ এক নিয়ন্ত্ৰণহীন উশৃংখল ব্যৱস্থালৈ পৰ্যবসিত হোৱাৰ এক প্ৰৱল সম্ভাৱনীয়তা আছে ৷ যাৰ ফলত বাস্তৱায়নত অপৰিপক্কতা আহিব পাৰে তথা ব্যাহত জন্মিব হ’ব পাৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিজৰ অধীনত বহুতো ডি পি এছ ইউৰ গঠন কৰিছিল ৷ যিবোৰক স্বতন্ত্ৰ কৰা হৈছে ৷ তথাপি গুণগত, ব্যয় তথা বিনা উদ্ভাৱনৰে সময়সীমা পাৰ কৰা ধৰণৰ একে সমস্যাৰ সন্মুখিন হৈ আছে ৷ দ্বিতীয় বিশ্ব যুদ্ধত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হোৱা উদ্ভাৱনে জাৰ্মানিক সুনিশ্চিতভাৱে পৰাস্ত কৰাৰ ক্ষেত্ৰত মিত্ৰ বাহিনীক ব্যাপক সহায় কৰিছিল ৷ এনে ধৰণৰ উদ্ভাৱনেই আমাৰ সশস্ত্ৰ বাহিনীক দুই তৰপীয়া যুদ্ধত জয়ী হোৱাত পৰ্যাপ্ত সামৰ্থৰ যোগান ধৰিব পাৰে ৷

যদি প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানক বাস্তৱায়িত কৰিব লাগে, তেনেহ’লে ডি আই বিয়েও একে উৎসাহেৰেই আগুৱাব লাগিব ৷ অ’ এফ আৰু ডি পি এছ ইউ হ’ল স্থানীয় ডি আই বিৰ মূল ভিত্তি তথা কভিডোত্তৰ সময় চোৱাৰ বাবে অস্ত্ৰ প্ৰণালী বিকাশ কৰাৰ ক্ষেত্ৰত জ্ঞানৰ ভেটি ৷ নিম্ন খাপৰ এছেম্বলিৰ বাবে তেওঁলোকে নিজৰ ঠাই উলিয়াব নালাগে; বৰঞ্চ মুদ্ৰণৰ বাবে প্ৰস্তুতি আৰু উপাদান তৈয়াৰৰ প্ৰয়াস তথা উচ্চ মানদণ্ডৰ গৱেষণাৰ ক্ষেত্ৰ খন আৰু উদ্ভাৱনীয় ঔদ্যোগিক সংস্থান সমূহত প্ৰৱেশ কৰিব লাগিব ৷ যাৰ সৃজনশীলতাৰ জৰিয়তে অকল ভাৰত মাতৃক সুৰক্ষিত কৰাই নহয় বৰঞ্চ নাগৰিক সকলকো ইয়াৰ সুফলৰে লাভাৱন্বিত কৰিব পাৰিব লগিব ৷ ই বেচৰকাৰী খণ্ডৰ সৈতে গাঢ় “ছাব ছিষ্টেম” স্তৰৰ সহযোগীতাৰে অ’ এফত মূলভুত দক্ষতা আৰু উৎপাদনৰ সংকৰণৰ ওপৰত জোৰ দিয়াৰ আহ্বান জনাইছে ৷ অস্ত্ৰ প্ৰণালীসমূহত বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সমাহাৰ ঘটিছে, যি এক সৈন্য প্ৰভাৱ সৃষ্টি কৰিবলৈ লগ লাগে ৷ এক উদ্ভাৱক তথা অস্ত্ৰৰ ৰপ্তানিকাৰী দেশ হিচাপে মূৰ দাঙি উঠিবলৈ হ’লে ভাৰতবৰ্ষই তেনে ধৰণৰ প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত ধ্যান দিব লাগিব ৷ অ’ এফ বিৰ স্বতন্ত্ৰ কৰণৰ প্ৰক্ৰিয়াত প্ৰধান মন্ত্ৰীৰ লক্ষ্য প্ৰাপ্তিৰ বাবে মূল্য ব্যয় কৰাতকৈ কাৰ্যকৰিতাৰ ওপৰত অধিক মনোযোগ দিয়াটোহে উচিত হ’ব ৷

লেখক

লেফ্টেনেন্ট জেনেৰেল (ড°) এন ভি সিং, পি ভি এছ এম, এ ভি এছ এম, এ ডি ছি, এজন প্ৰাক্তন ডি জি ই এম ই, ডি জি আই এছ আৰু এজন সশস্ত্ৰ বাহিনী ট্ৰিবিউনেলৰ সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.