ETV Bharat / bharat

বাজেটৰ পূৰ্বে সংসদত উত্থাপন হ'ব পাৰে জামিয়া মিলিয়া আৰু CAA ৰ প্ৰসংগ

author img

By

Published : Jan 31, 2020, 11:43 AM IST

শনিবাৰে উপস্থাপন কৰা হ'ব কেন্দ্ৰীয় বাজেট ৷ এই অধিৱেশনৰ প্ৰথম পৰ্যায় ফেব্ৰুৱাৰী 11 তাৰিখে অন্ত পৰাৰ লগতে দ্বিতীয় পৰ্যায় 2 মাৰ্চত আৰম্ভ হৈ 3 এপ্ৰিলত শেষ হ'ব  ৷

বাজেট
বাজেট

নিউজ ডেস্ক, 31 জানুৱাৰীঃ সংসদত বাজেট উত্থাপন হোৱাৰ পূৰ্বে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত সংঘটিত গুলীয়াগুলীৰ ঘটনা, CAA আৰু NPR সন্দৰ্ভত বৈঠকত বহে বিৰোধী দলৰ নেতৃত্ব ৷ শুকুৰবাৰে পুৱা 9 বাজি 30 মিনিটত আৰম্ভণি হয় এই অনুষ্ঠানৰ ৷ তথ্য অনুসৰি, বিৰোধী পক্ষৰ নেতাসকলে এই বিষয়টো সন্দৰ্ভত সদনত বিৰোধীতা কৰাৰ সম্ভৱনা আছে ৷ নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মৰ বাবে বৰ্তমানেও দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷ শুকুৰবাৰে 11 বজাৰ লগে লগে সংসদৰ চেন্ট্ৰেল হ'লত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণ আৰম্ভ কৰে ৷ আনহাতে আজি নিজ বাসভৱনত ৰাজ্যসভাৰ নেতাসকলৰ স'তে আলোচনাত বহে উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷

উল্লেখ্য যে শনিবাৰে উপস্থাপন কৰা হ'ব কেন্দ্ৰীয় বাজেট ৷ এই অধিৱেশনৰ প্ৰথম পৰ্যায় ফেব্ৰুৱাৰী 11 তাৰিখে অন্ত পৰাৰ লগতে দ্বিতীয় পৰ্যায় 2 মাৰ্চত আৰম্ভ হৈ 3 এপ্ৰিলত শেষ হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.