চণ্ডীগঢ়, ২৮ এপ্ৰিলঃ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ ঘৰে ঘৰে গৈ ধন বিতৰণ কংগ্ৰেছ প্ৰাৰ্থী অমৰিন্দৰ সিং ৰাজাৰ । এই কাৰ্যৰ সমগ্ৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিচতে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে শিৰোমণি আকালি দলে ।
চণ্ডীগঢ়ৰ ভটিন্দা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অমৰিন্দৰ সিং ৰাজাই টিংকু পঞ্জাৱ নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি ধন দি নিৰ্বাচনী সভাত অংশ ল’বলৈ আহ্বান জনাইছিল । ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পাচতে শিৰোমণি আকালি দলৰ নেতাসকলে পঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়।
আনহাতে, ইয়াৰ পূৰ্বেও কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচন আয়োগত শিক্ষাগত অৰ্হতাকলৈ ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছিল ।