ETV Bharat / bharat

17 অক্টোবৰৰ পৰা চলিব টেজাচ এক্সপ্ৰেছ

author img

By

Published : Oct 8, 2020, 9:25 AM IST

ভাৰতীয় ৰে'লযাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডে প্ৰায় 7 মাহ বিৰতিৰ অন্তত দুখন মুখ্য ৰে'লৰ চলাচল আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ লক্ষ্নৌ আৰু দিল্লীৰ মাজত তথা আহমেদাবাদ আৰু মুম্বাইৰ মাজত চলিবলগীয়া টেজাচ এক্সপ্ৰেছৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ৰে'ল বিভাগে ৷ ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডৰ মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

17 অক্টোবৰৰ পৰা চলিব টেজাচ এক্সপ্ৰেছ
17 অক্টোবৰৰ পৰা চলিব টেজাচ এক্সপ্ৰেছ

নিউজ ডেস্ক, 8 অক্টোবৰ : প্ৰায় সাতমাহৰ বিৰতিৰ অন্তত ভাৰতীয় ৰে'লে দেশৰ এখন অন্যতম দ্ৰুতবেগী ৰে'লৰ চলাচল আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডে পৰিচালনা কৰা দ্ৰুতবেগী টেজাচ এক্সপ্ৰেছৰ যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিভাগে ৷ সেই অনুসৰি, লক্ষ্নৌ আৰু দিল্লী তথা আহমেদাবাদ আৰু মুম্বাইৰ মাজত চলিবলগীয়া দুয়োখন টেজাচ এক্সপ্ৰেছক পুনৰ যাত্ৰীৰ বাবে মুকলি কৰিবলৈ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে'লে ৷ চলিত মাহৰ 17 তাৰিখৰ পৰা দুয়োখন ৰে'লে নিজৰ যাত্ৰা পুনৰ আৰম্ভ কৰিব বুলি ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডৰ মুখপাত্ৰই প্ৰকাশ কৰিছে ৷

কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰে'লৰ চলাচল বিগত মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছিল ৷ আহিবলগীয়া উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে দুয়োখন ৰে'লৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইণ্ডিয়ান ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বন লিমিটেডে ৷ ইয়াৰ বাবে ইতিমধ্যেই ৰে'ল মন্ত্ৰালয়ে লিমিটেডক অনুমতি প্ৰদান কৰিছে বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে ইয়াৰ মুখপাত্ৰই ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা উদ্যোগৰ বিশ্বমানদণ্ডৰ ঘাটি হ'ব ভাৰত : ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.