নিউজ ডেস্ক, 30 জুলাই : কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত ঘোষণা কৰাৰ লক ডাউনৰ বাবে দেশৰ ছাত্ৰ-ছাত্ৰীসকলে অনলাইন শিক্ষাক আদৰি ল'ব লগা হৈছে যদিও ছত্তীশগড়ৰ বস্তৰ সংমণ্ডলত এতিয়াও এই ক্ষেত্ৰত পিছপৰি ৰৈছে ৷
দুৰ্বল ইন্টাৰনেট সংযোগ আৰু নেটৱৰ্কৰ অসুবিধাৰ বাবে অনলাইন শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ ছত্তীশগড়ৰ দক্ষিণ দিশত অৱস্থিত বস্তৰ ৷ ইয়াৰ 70 শতাংশ লোক জনজাতীয় আৰু তেওঁলোক বনাঞ্চলত বাস কৰে ৷
কাৰিকৰী দিশত এই অঞ্চলৰ আন্তঃগাথনি ইমানেই দুৰ্বল যে,ইয়াৰ ছাত্ৰসকলে অনলাইন শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল নেটৱৰ্কৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে ৷ আনহাতে,বহুতৰে নাই স্মাৰ্টফোনৰ ব্যৱস্থা আৰু যিসকলৰ আছে তেওঁলোকে সময়ত ফোনৰ ৰিছাৰ্জ কৰিবলৈ অসমৰ্থ ৷
ইয়াৰ ফলত 3 জুলাইত বস্তৰ সংমণ্ডলৰ কেৱল 17 জন শিশুয়েহে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ বাকী দিনবোৰতো এই সংখ্যা অতি কম হোৱাৰ লগতে ছাত্ৰৰ উপস্থিতি 30 তকৈ বেছি হোৱা পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰোপৰি,অনলাইন শিক্ষাত পঞ্জীয়নো অতি কম সংখ্যকে কৰিছে ৷
বস্তৰৰ স্বাক্ষৰতাৰ হাৰ 51.5 শতাংশ ৷ আনহাতে,সংমণ্ডলটোৰ ছুকমা জিলাৰ স্বাক্ষৰতাৰ হাৰ 44 শতাংশ ৷ এই হাৰ কেৱল ৰাজ্যখনৰ ভিতৰতে নহয় সমগ্ৰ দেশৰ ভিতৰতে সৰ্বনিম্ন ৷ সংমণ্ডলটোৰ কংকেৰতে সৰ্বাধিক স্বাক্ষৰতাৰ হাৰ হৈছে 68 শতাংশ ৷ আশ্চৰ্যজনকভাৱে সংমণ্ডলটোৰ 7 হাজাৰ শিক্ষকৰ পদো খালী হৈ আছে ৷
ইয়াৰ ছাত্ৰসকলে জানিবলৈ দিয়া অনুসৰি,অনলাইন শিক্ষাৰ পৰা তেওঁলোক কোনো ধৰণে লাভান্বিত হোৱা নাই ৷ পৰিস্থিতি ইমানেই দুখজনক যে,ফোন থকা লোকসকলেও ইন্টাৰনেট সেৱাৰ বাবে ৰিছাৰ্জ কৰিবলৈ অসমৰ্থ ৷ কিছুসংখ্যক স্থানত দুখীয়া পৰিয়ালৰ শিশুসকলে অন্য লোকৰ পৰা ফোন ধাৰলৈ আনি শিক্ষা গ্ৰহণ কৰিবলগা হৈছে ৷
ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি অভিভাৱকসকলে মন্তব্য কৰিছে যে,শিক্ষকসকলে ভালদৰে প্ৰশিক্ষণ লাভ কৰা নাই ৷ অনলাইন শিক্ষা তেওঁলোকৰ বাবে কেৱল প্ৰতীকি চিহ্ন হৈ পৰিছে ৷ সেয়েহে তেওঁলোকে ইয়াৰ বিকল্পৰ সন্ধান কৰি আছে ৷
বাস্তাৰৰ বিষয়ববীয়াৰ মতে,অঞ্চলটো বহু পিছপৰা ৷ দুখীয়া পৰিয়ালসমূহৰ হাতত নাই মোবাইল ফোন ৷ 8 এপ্ৰিলত অনলাইন শিক্ষাৰ পৰ্টেল 'Padhai Tunhar Duar' অৰ্থাৎ প্ৰতি ঘৰে ঘৰে শিক্ষাৰ জৰিয়তে সকলো শিশুকে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ বিশেষজ্ঞসকলেও বিশ্বাস কৰে যে,বস্তৰত অনলাইন শিক্ষাই প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই ৷
তথাপিও বস্তৰত কিছু যোগাত্মক উদাহৰণ লাভ কৰা হৈছে ৷ নাৰায়নপুৰৰ বাছিং অঞ্চলত 10 জনীয়া শিক্ষকৰ এটা দলে বিভিন্ন স্থানত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰিছে ৷ এই শিক্ষকসকলে ছাত্ৰসকলৰ বাবে শিক্ষাৰ লগতে খাদ্যৰো যোগান ধৰিছে ৷ বস্তৰৰ ভাটপাল পঞ্চায়তে সন্মুখীন হৈ আহিছে ইন্টাৰনেট আৰু নেটৱৰ্ক সম্পৰ্কীয় সমস্যাৰ ৷ লাউড স্পীকাৰৰ জৰিয়তে এই ছাত্ৰসকলক প্ৰদান কৰা হয় শিক্ষা ৷ জিলা প্ৰশাসনৰ সহায়ত গাঁওবু়ঢ়া আৰু গাঁওবাসীয়ে 7 খন পৃথক ঠাইত লাউড স্পীকাৰৰ ব্যৱস্থা কৰিছে ৷ এই লাউড স্পীকাৰৰ সহায়ত গাঁৱৰ শিশুসকলে বৰ্তমান লাভ কৰি আছে শিক্ষা ৷
লগতে পঢ়ক : লক ডাউনঃ শিৱসাগৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা