ETV Bharat / bharat

মোডী 2.0ৰ এবছৰঃ কিছু মূল প্ৰতিশ্ৰুতি আৰু সিদ্ধান্তত আলোকপাত

বিজেপি এক মুখ্য প্ৰতিশ্ৰুতি আছিল 2022 বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰা । 2016 চনতে নেচনেল বেংক অব এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেন্টে আয় বৃদ্ধি সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । নীতি আয়োগে 2017 বৰ্ষত নিজৰ প্ৰতিবেদন প্ৰদান কৰে । কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছে মাৰ্চত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি প্ৰকৃতাৰ্থত ফাৰ্মসমূহৰ আয়ৰ হাৰ 2018 বৰ্ষৰ অক্টোবৰৰ পৰা নবেম্বৰ মাহত 18 বছৰৰ আটাইতকৈ সৰ্বনিম্ন আছিল । আনহাতে, চৰকাৰৰ মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰথমটো কিস্তি হিচাপে 8.52 কৃষকে সৰ্বমুঠ 62.469 কোটি চকা লাভ কৰে ।

One year of Modi 2.0: A look at some key promises, decisions
মোডী 2.0ৰ এবছৰঃ কিছু মূল প্ৰতিশ্ৰুতি আৰু সিদ্ধান্তত আলোকপাত
author img

By

Published : May 22, 2020, 5:54 PM IST

নেশ্যনেল ডেক্স,22 মেঃ 30 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰখনে দ্বিতীয় কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ কৰিব । প্ৰধানমন্ত্ৰী গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণৰ কিছুদিনৰ ভিতৰতেই জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ অধিকাৰ উঠাই লোৱা হয়, তিনি তালাকক আইনত পৰিণত কৰা হয়, নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদিত কৰি নাগৰিকত্ব সংশোধনী আইন কৰা হয় যি আইনৰ জৰিয়তে তিনিখন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অনা-মুছলমান লোকসকল অনাৰ ব্যৱস্থা কৰা হ'ব, অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন(ইউ এ পি এ) সংশোধন কৰা হয় আৰু তথ্য জনাৰ অধিকাৰ আইনখন সৰলীকৰণ কৰা হয় । ইয়াৰ উপৰিও ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি কৰি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ পিছতো ভাৰতীয় অৰ্থনীতি নিম্নমুখী প্ৰৱণতাৰ সাক্ষী হয় ।

চৰকাৰখনৰ কিছুমান সিদ্ধান্তই কৰ'ণা ভাইৰাছৰ আগলৈকে দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰে । নৰেন্দ্ৰ মোডী চৰকাৰখন দ্বিতীয়টো কাৰ্যকালৰ কিছুমান সিদ্ধান্ত আৰু ইয়াৰ স্থিতি আৰু প্ৰভাৱ সম্পৰ্কে তলত বিস্তৃতভাৱে আলোচনা কৰা হ'ল ।

370 অনুচ্ছেদ বাতিলঃ

5 আগষ্টত,কেন্দ্ৰীয় চৰকাৰখনে সংবিধানৰ 370 নং অনুচ্ছেদ বাতিল কৰে । এই অনুচ্ছেদে জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰি আৰু ৰাজ্যখনক জম্মু-কাশ্মীৰ আৰু লাডাখ এই দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰিছিল । একেদৰে আইন শৃংখলা পৰিস্থিতিৰ বাবে ৰাজ্যখনত নিষেধাজ্ঞা বলবৎ হয় । বিজেপিয়ে ইয়াৰ পূৰ্বে নিজৰ 'সংকল্প পত্ৰ'ত আৰএছএছৰ দীৰ্ঘদিনীয়া দাবীত এই বিতৰ্কিত ধাৰাটো বাতিল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

2022 বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধিঃ

বিজেপি এক মুখ্য প্ৰতিশ্ৰুতি আছিল 2022 বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰা । 2016 চনতে নেচনেল বেংক অব এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেন্টে আয় বৃদ্ধি সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । নীতি আয়োগে 2017 বৰ্ষত নিজৰ প্ৰতিবেদন প্ৰদান কৰে । কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছে মাৰ্চত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি প্ৰকৃতাৰ্থত ফাৰ্মসমূহৰ আয়ৰ হাৰ 2018 বৰ্ষৰ অক্টোবৰৰ পৰা নবেম্বৰ মাহত 18 বছৰৰ আটাইতকৈ সৰ্বনিম্ন আছিল ।

আনহাতে, চৰকাৰৰ মতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত প্ৰথমটো কিস্তি হিচাপে 8.52 কৃষকে সৰ্বমুঠ 62.469 কোটি টকা লাভ কৰিছে ।

বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতঃ

2030 চনলৈ বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ভাৰতে লক্ষ্য বান্ধি লৈছিল । বিজেপিয়ে 'নতুন ভাৰত'ৰ লক্ষ্য সৰোগত কৰি 2015 চনলৈ 5 ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে আৰু 2032 চনলৈ 10 ত্ৰিলিয়ন ডলাৰৰ অৰ্থনৈতিক শক্তি সম্পন্ন ৰাষ্ট্ৰ গঠনৰ প্ৰতিশ্ৰুতি ইতিমধ্যে দাঙি ধৰিছে ।

অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীধিয়েভাৰতৰ 2019 চনৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.1 শতাংশৰ লক্ষ্যৰ পৰা 4.8 শতাংশ হ'ব বুলিহে পুৰ্বানুমান প্ৰকাশ কৰে । ইয়াৰ মূলতে স্থানীয় বজাৰত হ্ৰাস পোৱা চহিদা আৰু অনাবিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত সৃষ্টি হোৱা চাপ অন্যতম কাৰণ বলি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰে ।

অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনঃ

2019 চনত কেন্দ্ৰীয় চৰকাৰে আইনখন সংসদত গৃহীত কৰে । এই সংশোধিত আইনে নিৰ্দিষ্ট ব্যক্তি এজনক সন্ত্ৰাসবাদী হিচাপে ঘোষিত কৰা আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰক অৰ্পন কৰে । আনহাতে, এই সংশোধিত আইনে নিৰ্দিষ্ট ব্যক্তিগৰাকীক সকলো ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰাৰ অধিকাৰো প্ৰদান কৰে । কিন্তু বিৰোধীয়ে এই সংশোধিত ৰূপৰ আইনখনক ক'লা আইন হিচাপে অভিহিত কৰে ।

তিনি তালাকঃ

মুছলিম মহিলাৰ বিবাহৰ ওপৰত অধিকাৰৰ নিৰাপত্তা সম্পৰ্কীয় বিধেয়ক খন 2019 চনত গৃহীত কৰা হয় । বিজেপিয়ে তিনি তালাকৰ ধৰ্মীয় ব্যৱস্থাপনাক অপৰাধ ৰূপে প্ৰতিস্থা কৰি আইনখন গৃহীত কৰিবলৈ সক্ষম হয় ।

বিজেপিয়ে তিনি তালাকৰ ব্যৱস্থাটোক নিৰবচ্ছিন্নভাৱে বিৰোধীতা কৰাৰ লগতে মুছলিম পাৰ্ছনেল ল' বোৰ্ডৰ অন্যান্য বিতৰ্কিত দফাসমূহৰো বিৰোধীতা কৰি আহিছে । দেশৰ সাধাৰণ আইনৰ বিপৰীতে পাৰ্ছনেল ল' বোৰ্ডৰ নিয়মসমূহে জটিলতাৰ সৃষ্টি কৰি অহা বুলি যুক্তি দৰ্শোৱাৰ লগতে ইউনিফৰ্ম চিভিল ক'ডৰ পোষকতা কৰে ।

ৰাম মন্দিৰঃ

ৰাম মন্দিৰ প্ৰসংগত বিজেপিয়ে নিজৰ স্থিতিত অটল হৈ থাকি নিৰ্বাচনী ঘোষণা পত্ৰতো সংবিধানৰ গণ্ডিৰ ভিতৰতেই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মানৰ বাবে সকলো সাম্ভাব্য ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে । এই বিষয়টো সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পাছত বিজেপিৰ প্ৰস্তাবিত ঘোষণা বাস্তবায়িত হোৱাৰ দিশে অগ্ৰগতি লাভ কৰে ।

তথ্য জনাৰ অধিকাৰ আইনৰ সংশোধনঃ

তথ্য জনাৰ অধিকাৰ আইন সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল বহু বিতৰ্কিত স্বচ্ছতাৰ প্ৰশ্নত । এই বিধেয়ক খনৰ তীব্ৰ বিৰোধীতা স্বত্বেও সংসদত গৃহীত কৰিবলৈ সক্ষম হয় মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে । বিৰোধী পক্ষই অবশেষত ইয়াক 'আৰটিআই এলিমিনেশ্যন বিল' বুলি অভিহিত কৰে । এই সংশোধিত বিধেয়ক খনে তথ্য আয়ুক্ত সমূহৰ কাৰ্যকাল আৰু ৰাজ্য আৰু কেন্দ্ৰত তেঁওলোকৰ দা-দৰমহাৰ ক্ষেত্ৰতো সাল-সলনি ঘটায় ।

জল জীৱন অভিযানঃ

2024 চনৰ ভিতৰত দেশৰ প্ৰতি পৰিয়াললৈ খোৱাপানী যোগানৰ লক্ষ্য আগত ৰাখি মোডী চৰকাৰে জল জীৱন অভিযান 2019 ঘোষণা কৰে । এই অভিযান সম্প্ৰতি সমগ্ৰ দেশজুৰি কাৰ্যৰূপায়ন কৰি থকা হৈছে যদিও কেইখনমান ৰাজ্যত কিছু আসোৱাহ দেখা গৈছে ।

মহিলা সবলীকৰণঃ

মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনত 'নিৰ্ভয়া ফাণ্ড'ৰ বাবে ধাৰ্য কৰা মুঠ 201.21 কোটি টকা 2019 চনৰ 24 ডিচেম্বৰলৈ ব্যৱহৃত নহ'ল বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পায় । ই কোনো পৃথক বিষয় নহয় । 'বেতী বছাও,বেতী পঢ়াও' অভিযানৰ অধীনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ধাৰ্য কৰা 280 কোটি টকাৰ ভিতৰত কেৱল 43.94 কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও মহিলাৰ সবলীকৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত ধাৰ্যিত মুঠ 1.330 কোটি টকাৰ বিপৰীতে কেৱল মাত্ৰ 204.77 কোটি টকাহে চৰকাৰে ব্যয় কৰিবলৈ সক্ষম হৈছে । আনহাতে, মহিলা শক্তি কেন্দ্ৰ আৰু উজ্বলা আঁচনিৰ ক্ষেত্ৰতো চৰকাৰখনে বিশেষ সফলতা লাভ কৰিবলৈ লক্ষম হোৱা নাই । মহিলা শক্তি কেন্দ্ৰৰ বাবে ধাৰ্যিত 150কোটি টকাৰ ভিতৰত কেৱল মাত্ৰ 8.75 কোটি টকাহে ব্যৱহৃত হৈছে। আনহাতে উজ্বলা আঁচনিৰ ক্ষোত্ৰতো ইতিমধ্যে ধাৰ্যিত 30 কোটি টকাৰ ভিতৰত কেৱল 8.58 কোটি টকাহে ব্যয় হৈছে ।

সবকা সাথ সবকা বিকাশঃ

বন ধন বিকাশ যোজনা- এই অভিলাসী আঁচনিখন জনগোষ্ঠীয় বিকাশৰ লক্ষৰে লোৱা আঁচনি । সামগ্ৰিক বিকাশ বাবে দেশৰ জনজাতি সকলৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা ব্যৱধান হ্ৰাস কৰাৰ বাবে এই আঁচনি হাতত লোৱা হৈছিল । দেশৰ 24 খন ৰাজ্যত এই আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে 799 কোটি টকা ধাৰ্য কৰা হৈছিল ।

EWS:

কেন্দ্ৰীয় নিহিত 158 খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত অধ্যয়নৰত সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ 10 শতাংশ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে অতিৰিক্ত 4,315.15 কোটি টকা অনুমোদন দিয়া হয় ।

দৰিদ্ৰৰ বাবে আবাসৰ ব্যৱস্থাঃ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ 2019 বৰ্ষৰ 'ৰেচিডেঞ্চিয়েল এসেট প্ৰাইচ ম'ণিটৰিং চাৰ্ভে'ত প্ৰকাশ পোৱা তথ্য অনুসৰি আবাস ক্ষমতা বিগত চাৰি বছৰৰ ভিতৰত আটাইটকৈ বেয়া আছিল । 2019 চনত গৃহ মূল্যৰ আয়ৰ অনুপাত বৃদ্ধি হৈ 61.5 হয় যি 2015 বৰ্ষৰ মাৰ্চত 56.1 আছিল । কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিকভাৱে গৃহ ঋণৰ ক্ষেত্ৰত উদগনি জগোৱাৰ বাবে ব্যৱস্থা হাতত লৈ আহিছে । এই ক্ষেত্ৰত গৃহ ঋণ লোৱা সকলক আয়কৰ ৰেহাইৰ ব্যৱস্থাও কৰি দিয়া হৈছে ।

কিন্নৰ সকলৰ সবলীকৰণঃ

কেন্দ্ৰীয় মন্ত্ৰীসভাই 2019 বৰ্ষৰ জুলাই মাহত কিন্নৰ ব্যক্তি(সুৰক্ষা অধিকাৰ)আইনক অনুমোদন প্ৰদান কৰে । এই আইনখেন কিন্নৰ লোকসকলৰ বিৰুদ্ধে বৈষম্য নিষিদ্ধ কৰাৰ অধিকাৰসমূহ সংশোধন কৰি তেঁওলোকক সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ ক্ষেত্ৰত সমান অধিকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক- আমফানত বিধ্বস্ত পশ্চিম বংগলৈ 1000 কোটিৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.