নিউজ ডেস্ক, 11 জুনঃ পাকিস্তানী সেনাই সঘনাই জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু LoCত বিগত কেবাদিনৰ পৰা সঘনাই ভংগ কৰি আহিছে যুদ্ধ বিৰতিৰ চুক্তি । ইয়াৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হ'ল ভাৰতীয় সেনাৰ এগৰাকী জোৱান,নায়ক গুৰচৰণ সিঙে । ৰাজাউৰি চেক্টৰৰ সেনা চাউনীলৈ কৰা পাক সেনাৰ গোলাবৰ্ষণত গুৰুতৰভাৱে আহত হয় সেনা জোৱান গৰাকী । সেই আঘাতৰ ফলত মৃত্যু হয় তেওঁৰ ।
বুধবাৰে পাক সৈন্যই যুদ্ধবিৰতি উলংঘা কৰি প্ৰৰোচনামূলক ভাৱে লঘু অস্ত্ৰৰ লগতে মৰ্টাৰ আৰু বৃহৎ অস্ত্ৰৰে ৰাজাউৰি,পুঞ্চ আৰু কাঠুৱা জিলাৰ মাঞ্জাকোটে, কেৰি,বালাকোট আৰু কাৰোল মেইট্ৰাইন চেক্টৰত প্ৰচুৰ গোলাবৰ্ষণ কৰে । বুধবাৰে নিশা 10 ৰ পৰা 11 বজাৰ ভিতৰত এই গোলাবৰ্ষণ কৰে পাক সেনাই।
লগতে চাওকঃ দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৪৯.২১ শতাংশঃ স্বাস্থ্য মন্ত্ৰণালয়