ETV Bharat / bharat

বালাচাহেবৰ জন্মবাৰ্ষিকীত শিৱসেনালৈ বিশেষ বাৰ্তা বিৰোধী নেতাৰ - Balasaheb's birth anniversary

বালাচাহেব ঠাকৰেৰ জন্মবাৰ্ষিকীত সন্মান জনাই মহাৰাষ্ট্ৰৰ বিৰোধী নেতা দেৱেন্দ্ৰ ফাদনাভিছে তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা এটা শ্ৰদ্ধাঞ্জলি ভিডিঅ' শ্বেয়াৰ কৰে । বিজেপিয়ে মিত্ৰতা সন্দৰ্ভত শিৱসেনাক সমালোচনা কৰি থকাৰ মাজতে এই ভিডিঅ'টোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ।

বালাচাহেবৰ জন্মবাৰ্ষিকীত শিৱসেনালৈ বিশেষ বাৰ্তা বিৰোধী নেতাৰ

author img

By

Published : Jan 23, 2021, 7:38 PM IST

নিউজ ডেস্ক , ২৩ জানুৱাৰী : শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্মবাৰ্ষিকীত মহাৰাষ্ট্ৰৰ বিৰোধী নেতা তথা ৰাজ্য়খনৰ প্ৰাক্তন মুখ্য়মন্ত্ৰী দেৱেন্দ্ৰ ফাদনাভিছে এক বিশেষ শ্ৰদ্ধাঞ্জলি জনালে । তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰি বালাচাহেব ঠাকৰেক শ্ৰদ্ধাঞ্জলি জনালে নেতাগৰাকীয়ে । ভিডিঅ'টোত, ফাদনাভিছে শিৱসেনাক ইউটিধৰ্মৰ বিষয়ে মনত পেলাই দিছে। তেওঁ ভিডিঅ'ত ঠাকৰেক উধৃত কৰি কৈছে যে চকী বা ধনৰ বাবে আপোচ কৰিব নালাগে । ভিডিঅ'টোৰ ভাষণত সেনাৰ ইউটিধৰ্মৰ বিষয়ে ফাদনাভিছ বাৰ্তা বুলি কোৱা হৈছে ।

শিৱসেনাই ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা ভাঙি মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছ আৰু শৰদ পাৱাৰৰ নেতৃত্বত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সৈতে মিত্ৰতা কৰিছিল। তাৰ পিছত বিজেপিয়ে কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতাক লৈ সেনাক নিৰন্তৰ আক্ৰমণ কৰি থকাৰ মাজতে বিৰোধী নেতা গৰাকীৰ এই ভিডিঅ'টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :জয় শ্ৰী ৰাম ধ্বনিৰে মমতাক আদৰণি: ভাষণ প্ৰদান কৰিবলৈ অস্বীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.