ETV Bharat / bharat

উৰিষ্যাত ব্ৰাউন ছুগাৰসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Nov 7, 2020, 4:41 PM IST

উৰিষ্যাত ১ কিলোগ্ৰাম ব্ৰাউন ছুগাৰসহ ৩টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ। উৰিষ্যা আৰক্ষীৰ অপৰাধ শাখাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ আৰু বালাচ'ৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী কেইটা।

Odisha drugs peddler arrested
উৰিষ্যাত ব্ৰাউন ছুগাৰসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ: উৰিষ্যাৰ বালাচ'ৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছ সৰবৰাহকাৰীক নাকী লগাবলৈ উৰিষ্যা আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান। শুক্ৰবাৰে বালাচ'ৰ জিলাৰ সহদেৱখুণ্টা অঞ্চলত যুটীয়া অভিযান চলায় অপৰাধ শাখাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ আৰু বালাচ'ৰ আৰক্ষীয়ে। অভিযানত ৩টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে ১ কিলোগ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য় ১ কোটি টকা। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে এছ কে জমীৰ, প্ৰভাত ছেট্টী আৰু যশোৱন্ত বাঘ।

স্পেচিয়েল টাস্ক ফ'ৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি, বালাচ'ৰ আৰক্ষীৰ সৈতে লগ হৈ চলোৱা যুটীয়া অভিযানত ১.১০৫ কিলোগ্ৰাম ব্ৰাইন ছুগাৰ জব্দ কৰে। ইয়াৰ উপৰিও নগদ ৮৫,৬৮০ হাজাৰ নগদ ধন জব্দ কৰে। নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড চাইক'ট্ৰ'পিক ছাবটেন্স এক্ট ১৯৮৫ৰ ২১(C) নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে স্পেচিয়েল টাস্ক ফ'ৰ্চে। চলিত বৰ্ষত এতিয়ালৈকে স্পেচিয়েল টাস্ক ফ'ৰ্চে ২৫টা গোচৰ ৰুজু কৰাৰ লগতে ২৩.২৭৩ কিলোগ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিছে আৰু ৪৭টা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক:বাৰাণসীৰ গুদামত ৰাসায়নিক গেছ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.