ETV Bharat / bharat

ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ ভাবুকি, ঘটনাৰ তদন্ত আৰম্ভ

হত্যাৰ ভাবুকি লাভ কৰিছে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ তেওঁৰ হত্যা কৰিবৰ বাবে চুপাৰি কিলাৰ নিয়োগ কৰা হৈছে বুলি এক পৰিচয়হীন পত্ৰত উল্লেখ কৰা হৈছে ৷

ঘটনাৰ তদন্ত আৰম্ভ
ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়ক
author img

By

Published : Jan 8, 2021, 4:02 PM IST

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে লাভ কৰিছে এখন পৰিচয়হীন পত্ৰ ৷ এই পত্ৰখনত দাবী কৰা হৈছে যে, কোনো দূৰ্বৃত্তই মুখ্যমন্ত্ৰীগৰাকীক হত্যা কৰিবৰ বাবে ষড়যন্ত্ৰ চলাইছে ৷ ইয়াৰ পাচতে ৰাজ্য চৰকাৰে ঘটনা সম্পৰ্কত এক তদন্ত আৰম্ভ কৰা বুলি বৃহস্পতিবাৰে চৰকাৰী তথ্যই প্ৰকাশ কৰে ৷

ইংৰাজীত লিখা পৰিচয়হীন পত্ৰখনত পাটনায়কৰ ঘৰৰ ঠিকনা লিখা হৈছিল ৷ লগতে লিখা হৈছে যে, তেওঁক হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত চুপাৰি কিলাৰ নিয়োগ কৰা হৈছে আৰু যিকোনো সময়তে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিব পাৰে ৷

ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়ক
ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ ভাবুকি

পত্ৰখনত লিখা হৈছে, "মই জনাব বিচাৰো যে, আপোনাক হত্যা কৰিবৰ বাবে চুপাৰি কিলাৰ নিয়োগ কৰা হৈছে ৷ এই হত্যাকাৰীক প্ৰদান কৰা হৈছে আধুনিক অস্ত্ৰ-শস্ত্ৰ যেনে, AK-47, ছেমি অটোমেটিক পিষ্টল ৷ এই অপৰাধীয়ে আপোনাক যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে ৷"

মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ বাবে ইতিমধ্যেই ৰাজ্যত অস্ত্ৰ-শস্ত্ৰ আহি পোৱাহি বুলি জনোৱাৰ লগতে পত্ৰখনত কোৱা হৈছে, "মই আপোনাক জনাব বিচাৰো যে, আপোনাক যিকোনো সময়তে হত্যা কৰিব পাৰে, সেয়েহে সাৱধান হৈ থাকক..,"

লগতে কোৱা হৈছে যে, এই কাণ্ডৰ সৈতে জড়িত মূল ব্যক্তিজন নাগপুৰৰ বাসিন্দা ৷

5 জানুৱাৰীত এই পত্ৰ লাভৰ পাচৰে পৰাই বিশেষ সচিব (গৃহ) ড0 সন্তোষ বালাই ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

বালাই কয় যে, মুখ্যমন্ত্ৰী পাটনায়কৰ ঘৰ, সচিবালয় তথা বিভিন্ন স্থানলৈ ভ্ৰমণৰ সময়ত সুৰক্ষা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লগতে কটকটীয়া কৰি তোলা হৈছে ৷

লগতে পঢ়ক : হিমাচলত তুষাৰপাতৰ আনন্দ ল'বলৈ পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.