নিউজ ডেস্ক, 22 মে': উড়িষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শুকুৰবাৰে আম্ফানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা পশ্চিমবংগক যথাসম্ভৱ সহায়ৰ আশ্বাস প্ৰদান কৰে ।
শুকুৰবাৰে আগবেলাৰ ভাগত পাটনায়কে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত ফোনযোগে বাৰ্তালাপ কৰে । তেওঁ মমতাৰ আগত সহায়ৰ এই আশ্বাস প্ৰদান কৰে ।
বাৰ্তালাপত পাটনায়কে ঘূৰ্ণী বতাহৰ ফলত পশ্চিমবংগৰ ক্ষয়-ক্ষতিৰ বুজ লয় । লগতে তেওঁ এই বিপদৰ সময়ত পশ্চিমবংগৰ জনতাৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে ।
ইয়াৰ পূৰ্বে, পাটনায়কে মুখ্য সচিবক পশ্চিমবংগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ কৈছিল ।
উল্লেখ্য, ঘূৰ্ণী বতাহ আম্ফান বুধবাৰে উড়িষ্যা আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যৰে পাৰ হৈ গৈছিল । উড়িষ্যাৰ উপকূলত এই ধুমুহাই সামান্য় ক্ষতি কৰাৰ বাহিৰে, পশ্চিম বংগত ব্যাপক হাৰত ধ্বংস চলায় ।