নেশ্যনেল ডেস্ক, 6 জুন : এখন ব্যক্তিগত খণ্ডৰ হাস্পতালৰ পৰা পোহৰলৈ আহিছে এক হৃদয়বিদাৰক কাহিনী ৷ এজন আশী বছৰীয়া বৃদ্ধ লোকক হাস্পতালৰ বিচনাত বান্ধি ৰাখিছে হাস্পতাল কৰ্তৃপক্ষই ৷ হাস্পতালৰ বিল পৰিশোধ কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে বৃদ্ধ লোকজনক এনেদৰে হাস্পতালৰ বিচনাত বান্ধি ৰখা হয় ৷
মধ্যপ্ৰদেশৰ ৰাইগড় জিলাৰ লক্ষ্মী নাৰায়ন নামৰ 80 বৰ্ষীয় বৃদ্ধজনে অসুস্থতাত ভোগাৰ বাবে উক্ত হাস্পতালখনত ভৰ্তি কৰোৱা হৈছিল ৷ 11,000 টকা পৰিশোধ কৰাৰ পাচতে বৃদ্ধ লোকজনৰ কন্যাক বাকী 11,000 টকা হাস্পতাল কৰ্তৃপক্ষই পৰিশোধ কৰিবলৈ কৈছিল ৷ বিল পৰিশোধ কৰিবলৈ অসমৰ্থ হোৱাৰ বাবে দুয়োজনকে বন্দী কৰি ৰাখিছিল ৷
বৃদ্ধ ৰোগীজনে জানিবলৈ দিয়া অনুসৰি, পাঁচ দিন ধৰি তেওঁক খাদ্য আৰু পানীৰো যোগান ধৰা নাই হাস্পতালখনে ৷ লোকজনৰ কন্যাগৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁৰ ওচৰত থকা সকলো ধন তেওঁ পৰিশোধ কৰিছে আৰু COVID-19 ৰ বাবে অতিৰিক্ত ধন যোগাৰ কৰিব পৰা নাই ৷ হাস্পতালৰ অন্যান্য ৰোগীসকলেও উক্ত ঘটনাটো সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে ৷