নেশ্য়নেল ডেস্ক, 14 এপ্ৰিল : বিজেপি সভাপতি জে. পি. নাড্ডাই মঙলবাৰে দেশবাসীলৈ আহ্বান জনাই কয় যে, প্ৰধানমন্ত্ৰী মোডীৰ সাতটা নিৰ্দেশনা আৰু লকডাউনৰ বিভিন্ন নিয়মসমূহ সম্পূৰ্ণ নিষ্ঠাৰে 3 মে'লৈ মানি চলা উচিত ৷
-
हमारे प्रधानमंत्री श्री @narendramodi जी ने इस वैश्विक महामारी के समय हमें सप्तपथि का विजय मार्ग दिखाया है। हमें मोदी जी के इन सात वाक्यों का अक्षरश: पालन करना है। pic.twitter.com/1AkJQm2MYh
— Jagat Prakash Nadda (@JPNadda) April 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">हमारे प्रधानमंत्री श्री @narendramodi जी ने इस वैश्विक महामारी के समय हमें सप्तपथि का विजय मार्ग दिखाया है। हमें मोदी जी के इन सात वाक्यों का अक्षरश: पालन करना है। pic.twitter.com/1AkJQm2MYh
— Jagat Prakash Nadda (@JPNadda) April 14, 2020हमारे प्रधानमंत्री श्री @narendramodi जी ने इस वैश्विक महामारी के समय हमें सप्तपथि का विजय मार्ग दिखाया है। हमें मोदी जी के इन सात वाक्यों का अक्षरश: पालन करना है। pic.twitter.com/1AkJQm2MYh
— Jagat Prakash Nadda (@JPNadda) April 14, 2020
উল্লেখ্য যে, দেশবাসীক সম্বোধন কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে লকডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰে ৷
নাড্ডাই টুইটাৰৰ জৰিয়তে কয়, "সম্পূৰ্ণ নিষ্ঠাৰে আমি বৃদ্ধি কৰা লকডাউন মানি চলা উচিত ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বৰ্তমানলৈকে যেনেদৰে আমি সকলোৱে নিৰ্দেশাৱলী মানি চলিছো তেনেদৰে পৰৱৰ্তী পৰ্যায়তো মানি চলিম বুলি মোৰ বিশ্বাস আছে ৷"
লগতে তেওঁ কয়, "বিশ্বজোৰা মহামাৰীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে সাতটাকৈ নিৰ্দেশাৱলী প্ৰদান কৰি আমাক জয়ৰ পথ প্ৰদৰ্শন কৰিছে ৷ সেয়েহে মোডীজীৰ এই নিৰ্দেশাৱলী আমি মানি চলা উচিত ৷"
মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে সাতটা নিৰ্দেশাৱলী দেশৰ জনসাধাৰণৰ বাবে প্ৰদান কৰিছে ৷ এইকেইটাৰ ভিতৰত উল্লেখযোগ্য হৈছে মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা, বয়োবৃদ্ধ লোকৰ পৰিচৰ্যা আৰু কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত নকৰা ৷