নেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ বঞ্চিত বহুজন অঘাড়ীৰ প্ৰধান প্ৰকাশ আম্বেদকাৰে সোমবাৰে কেন্দ্ৰৰ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী এক ‘বিকৃত ডিজাইন’ বুলি উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে ইয়াৰ উদ্দেশ্য দেশৰ নাগৰিকসকলৰ জাতি আৰু বিচাৰধাৰা সম্পৰ্কে তথ্য প্ৰদান কৰা ৷
কেন্দ্ৰই যোৱা 24 ডিচেম্বৰত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী উন্নীতকৰণৰ বাবে 3,941.35 কোটি টকা ধাৰ্য কৰিছিল ৷ চৰকাৰৰ মত অনুসৰি এন.পি.আৰ দেশৰ সাধাৰণ নাগৰিকৰ বাবে এক সূচী আৰু এই সূচীয়ে সকলো নাগৰিকক বিশেষভাৱে পৰিভাষিত কৰিব ৷
আনহাতে আম্বেদকাৰে উল্লেখ কৰে যে চৰকাৰৰ উদ্দেশ্য প্ৰত্যেক পৰিয়ালৰ জাতি আৰু বিচাৰধাৰাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰা ৷ এই নৰেন্দ্ৰ মোডী চৰকাৰৰ এটা বিকৃত ডিজাইন বুলি উল্লখ কৰে ৷
নাগৰিকত্ব আইন 1955 আৰু নাগৰিকত্ব আইন 2003ৰ অধীনত 2010 চনত এই ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ বিধি প্ৰস্তুত কৰা হৈছিল ৷ আনহাতে ইয়াক 2015 চনত উন্নীতকৰণ কৰা হৈছিল ৷
ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়ৰ ৱেৱছাইটত অসমক বাদ দি সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ইয়াক কাৰ্যকাৰী কৰাৰ বিষয়ে উল্লেখ আছে ৷ আনহাতে বঞ্চিত বহুজন অঘাড়ীৰ প্ৰধান আম্বেদকাৰে আৰ্থিক মন্দাৱস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰকে দোষাৰোপ কৰে ৷