নিউজ ডেস্ক, ২ মে': দেশৰ তিনিওটা সেনাৰ সেনাপ্ৰধানৰ সৈতে হোৱা এক আলোচনাৰ অন্তত চিডিএছ বিপিন ৰাৱাটে সংবাদমাধ্যমক সম্বোধন কৰে । শুকুৰবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলত কৰ'ণা ভাইৰাছক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে চিডিএছ জেন. ৰাৱাটে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত চিডিএছগৰাকীয়ে কৰ'ণা ভাইৰাছ জৈৱিক যুদ্ধনীতিৰ ফলাফল বুলি কোৱা কথাষাৰ অস্বীকাৰ কৰাৰ লগতে এনেকৈ কোৱাটো উচিত নহয় বুলি প্ৰকাশ কৰে । কৰ'ণা ভাইৰাছৰ উৎপত্তি আৰু তাৰ উৎস বিচাৰি যাবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব বুলি উল্লেখ কৰে দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. ৰাৱাটে ।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনৰ য়ুহান চহৰৰ পৰা এই মাৰাত্মক ভাইৰাছৰ উৎপত্তি হৈ সমগ্ৰ বিশ্বৰে অৰ্থনীতি বন্ধ কৰি তোলাৰ লগতে ২,৩৩,০০০ লোকৰ প্ৰাণ কাঢ়ি নিছে বুলি উল্লেখ কৰিছিল । অৱশ্যে ট্ৰাম্পৰ এই দাবীক তেওঁৰে চোৰাংচোৱা বাহিনীয়ে অস্বীকাৰ কৰাৰ লগতে এই ভাইৰাছ পৰীক্ষাগাৰৰ পৰা উদ্ভৱ হৈছে নে জীৱ-জন্তুৰ শৰীৰৰ পৰা সংক্ৰমিত হৈছে তাক লৈ কোনো পৰীক্ষণ কৰা হোৱা নাই বুলি উল্লেখ কৰিছিল । এইক্ষেত্ৰত আমেৰিকাই চীনৰ য়ুহান চহৰস্থিত ইনষ্টিটিউট অৱ ভাইৰোল'জিৰ ওপৰত তদন্ত আৰম্ভ কৰিছিল আৰু ভাইৰাছটো চীনৰ পৰাই উদ্ভৱ হোৱা বুলি মন্তব্য কৰিছিল ।
কিন্তু চীনে তেওঁলোকৰ ওপৰত আৰোপ কৰা দাবী সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি আহিছে ।
ভাৰতেও এইক্ষেত্ৰত কাম কৰি আছে যদিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৰ্তমানে ভাৰতে মহামাৰীৰ সৈতে মোকাবিলা কৰি আছে আৰু সমগ্ৰ দেশৰ নজৰ এই মহামাৰীৰ ওপৰত আছে । যেতিয়া এই মহামাৰী নোহোৱা হ'ব তেতিয়াই এই বিষয়ত ভাৰতে নিজাকৈ অনুসন্ধান আৰম্ভ কৰিব । সংবাদমেলত চিডিএছ ৰাৱাটে শীঘ্ৰেই ভাৰতে কোভিড-১৯ৰ চিকিৎসাৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হ'ব তথা আমাৰ দেশৰ বৈজ্ঞানিকসকলৰ হাতত এই সক্ষমতা আছে বুলি উল্লেখ কৰে ।
কোভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দি থকা দেশৰ স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু অন্যান্য লোকসকলৰ বাবে ৩ মে' দেওবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে । ইয়াৰ ভিতৰত বায়ুসেনাই আকাশমাৰ্গৰ পৰা চিকিৎসালয়সমূহত পুষ্পবৰ্ষণ কৰিব, নৌ-সেনাই ইয়াৰ জাহাজসমূহ পোহৰেৰে উদ্ভাষিত কৰি তোলাৰ লগতে স্থলসেনাই ইয়াৰ সামৰিক সংগীত বেণ্ডৰ দ্বাৰা স্বাস্থ্যকৰ্মী, আৰক্ষী তথা অন্যান্যসকলৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিব । আনহাতে কাইলৈ অৰ্থাৎ দেওবাৰে দেশত প্ৰথমবাৰৰ বাবে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীক সন্মান প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত স্থলসেনা, বায়ুসেনা তথা নৌ-সেনাই সামৰিক সন্মান প্ৰদান কৰিব ।