ETV Bharat / bharat

উদ্দীপক পেকেজ সম্পৰ্কত কোনো তথ্য নাই : কংগ্ৰেছৰ অভিযোগ - কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত অনুষ্ঠিত বৈঠক

অৰ্থনৈতিক উদ্দীপক পেকেজ সম্পৰ্কত কোনো তথ্য লাভ কৰা নাই বুলি মন্তব্য কংগ্ৰেছৰ ৷ কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কংগ্ৰেছৰ বৈঠক ৷

কংগ্ৰেছৰ অভিযোগ
কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কংগ্ৰেছৰ বৈঠক
author img

By

Published : May 6, 2020, 7:47 PM IST

নেশ্যনেল ডেস্ক, 6 মে' : বুধবাৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কংগ্ৰেছৰ এক বৈঠক আয়োজন কৰা হয় আৰু ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত ৰাজ্যসমূহলৈ অৰ্থনৈতিক উদ্দীপক পেকেজ প্ৰদান নাই কৰা বুলি কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে ৷

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কংগ্ৰেছৰ বৈঠক
ছোনিয়া গান্ধী

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয়, "কোনো উদ্দীপক পেকেজ ঘোষণা নকৰিলে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ কিদৰে পৰিচালিত হ'ব ৷ আমাৰ 10,000 কোটি টকাৰ ৰাজহ ক্ষতি হৈছে ৷ ৰাজ্যসমূহে বাৰে বাৰে প্ৰধানমন্ত্ৰীক পেকেজৰ দাবী কৰি আহিছে যদিও এতিয়াও আমি চৰকাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই ৷"

চত্তিছগড়ৰ মুখ্য়মন্ত্ৰী ভূপেশ বাঘেলে কয়, "ৰাজ্যসমূহে অৰ্থনৈতিক সংকটত ভূগিছে ৷ তেওঁলোকক অতি সোনকালেই সহায় কৰাটো অতি প্ৰয়োজনীয় ৷" তেওঁ লগতে কয় যে, চত্তিছগড়ৰ 80 শতাংশ সূক্ষ্ম উদ্যোগ পুনৰ আৰম্ভ কৰা হৈছে আৰু প্ৰায় 85,000 শ্ৰমিকে কামত অংশগ্ৰহণ কৰিছে ৷

GST ৰাজহ প্ৰদানৰ জৰিয়তে অৰ্থনৈতিক দিশত সহায় আগবঢ়াবৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰক আহ্বান জনাই আহিছে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি. চিদাম্বৰমে কয়, "ৰাজ্যসমূহ অৰ্থনৈতিক সংকটত ভূগিলেও চৰকাৰে কোনো ধনৰ আৱন্টন কৰা নাই ৷ ৰাজ্যসমূহত অৰ্থৰ অভাৱৰ বহু তথ্য বাতৰিকাকতে পোহৰলৈ আনিছে ৷"

কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত লকডাউনৰ তৃতীয় পৰ্যায়ৰ পাচত কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ আঁচনি প্ৰস্তুত কৰিছে এই সম্পৰ্কতো কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে ৷ এই বৈঠকত উপস্থিত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ৰাহুল গান্ধী আৰু অন্যান্য জ্যেষ্ঠ নেতা যেনে, পি. চিদাম্বৰম, জয়ৰাম ৰমেশ ৷

মনমোহন সিঙে কয়, "মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰা উচিত আৰু লকডাউনৰ পাচৰ ব্যৱস্থা সম্পৰ্কত চিন্তা-চৰ্চা কৰা উচিত ৷"

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কয় যে, দিল্লীত বহি থকা লোকসকলে জ'ন সমূহৰ বিভাজন কৰিছে কিন্তু, সেই অঞ্চলসমূহত কি হৈ আছে সেই সম্পৰ্কত তেওঁলোক জ্ঞাত নহয় ৷

পণ্ডিচেৰীৰ মুখ্যমন্ত্ৰীয়ে কয়, "ৰাজ্যসমূহৰ সৈতে আলোচনা নকৰাকৈয়ে চৰকাৰে জ'ন সমূহ বিভাজন কৰিছে ৷ ৰাজ্য আৰু ইয়াৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা নকৰাকৈয়ে কেনেদৰে তেওঁলোকে এই বিভাজন কৰিব পাৰিব ৷ ইয়াৰোপৰি, ৰাজ্যসমূহলৈ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কোনো মন্তব্য আগবঢ়োৱা নাই ৷"

সাৰ্বজনীন স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি ৰাহুল গান্ধীয়ে কয়, "COVID ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবৰ বাবে বয়োজ্যেষ্ঠ লোক আৰু ডায়েবেটিছ তথা হৃদৰোগীসকলক সুৰক্ষিত কৰি ৰখা উচিত ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.