ETV Bharat / bharat

নয়দাত জৰুৰী সেৱাৰ কল ছেন্টাৰত কৰ্মৰত এজনৰ দেহত COVID-19

উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত লোকজনৰ পৰীক্ষা কৰোতে ধৰা পৰে কৰ'ণা ভাইৰাছ উপস্থিতি । মঙলবাৰৰ দিনটোত স্বাস্থ্য কৰ্মীকে ধৰি 13 জনৰ দেহত ধৰা পৰে COVID-19ৰ অপস্থিতি।

নয়দাত জৰুৰী সেৱাৰ কল ছেন্টাৰত কৰ্মৰত এজনৰ দেহত COVID-19
নয়দাত জৰুৰী সেৱাৰ কল ছেন্টাৰত কৰ্মৰত এজনৰ দেহত COVID-19
author img

By

Published : May 6, 2020, 9:52 AM IST

নিউজ ডেস্ক, 6 মে': জৰুৰী সেৱাৰ 112 কল চেন্টাৰত কৰ্মৰত এজন উপ আৰক্ষী বিষয়াৰ দেহত ধৰা পৰিছে COVID-19 । উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত লোকজনৰ পৰীক্ষা কৰোৱা হয় । তাতেই তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ কথা উমান পোৱা যায় ।

তেওঁৰ সহকৰ্মী তথা পৰিয়ালৰ লোক সকলকৰ লগতে তেওঁৰ সংম্পৰ্কলৈ অহা সকলো লোককে কোৱাৰেন্টাইন কৰা হৈছে ।

আৰক্ষী আৰু স্বাস্থ্য বিভাগে তেওঁৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । উল্লেখ্য যে, মঙলবাৰে গৌতম বুদ্ধ নগৰত স্বাস্থ্য বিভাগৰ দুজন লোককে ধৰি মুঠ 13 জন লোক COVID-19 ত আক্ৰান্ত হৈছে । বৰ্তমান জিলাখনত COVID-19 ত আক্ৰান্তৰ সংখ্যা 193 লৈ বৃদ্ধি হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.