ETV Bharat / bharat

ঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

author img

By

Published : Oct 12, 2020, 4:53 PM IST

সোমবাৰে 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা ৷ আমেৰিকাৰ পল আৰ. মিলগ্ৰোম আৰু ৰবার্ট বি.উইলছনলৈ প্ৰদান কৰা হ’ব এই সন্মানীয় বঁটা ৷

Nobel Prize in Economics awardee names have announced
ঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

নিউজ ডেস্ক,12 অক্টোবৰ: সোমবাৰে ঘোষণা কৰা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ বিজেতাৰ নাম ৷ আমেৰিকাৰ পল আৰ. মিলগ্ৰোম আৰু ৰবার্ট বি. উইলছনলৈ প্ৰদান কৰা হ’ব 2020 চনৰ অর্থনীতি বিজ্ঞানৰ ন’বেল বঁটা । নিলাম তত্ত্বৰ সংশোধন আৰু নতুন নিলাম তত্বৰ আবিষ্কাৰৰ বাবে দুয়োগৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা ৷

‘‘চলিত বৰ্ষত পল আৰ. মিলগ্ৰোম আৰু ৰবার্ট বি. উইলছনে অধ্যয়ন কৰি কেনেদৰে নিলামৰ কাম কৰিব পাৰি তাৰ ওপৰত তত্ব সংশোধন কৰিছে ৷ তেওঁলোকে সামগ্ৰী আৰু সেৱাৰ বাবে নতুন নিলামস্বৰূপ আৰ্হিৰ বাবে নিজৰ অন্তঃদৃষ্টিৰ প্ৰয়োগ কৰিছে,যিটো সাধাৰণতে অতি কঠিন’’ ৷ The Royal Swedish Academy of Sciencesয়ে প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা উল্লেখ কৰে ৷

উল্লেখ্য যে,এই বঁটা অনুষ্ঠান সপ্তাহজুৰি অনুষ্ঠিত কৰা হয় আৰু আলফ্ৰেড ন’বেলৰ স্মৃতি স্বৰূপে অৰ্থনৈতিক বিজ্ঞানত ইয়াক ‘Sveriges Riksbank Prize’ নামেৰে জনা যায় ৷ 1969 চনৰ পৰা বৰ্তমানলৈকে মুঠ 51 বাৰ এই বঁটা প্ৰদান কৰা হৈছে ৷

10 মিলিয়ন ক্ৰোণা (1.1 মিলিয়ন আমেৰিকান ডলাৰ) নগদ টকা আৰু এটা স্বৰ্ণ পদকেৰে এই সন্মানীয় বঁটা প্ৰদান কৰা হ’ব ৷

লগতে পঢ়ক: পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী অসুস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.