ETV Bharat / bharat

ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জীক লৈ প্ৰতিক্ৰিয়া অমৰ্ত্য সেনৰ

শেহতীয়াকৈ ঘোষণা কৰা অৰ্থশাস্ত্ৰৰ ন'বেল বঁটাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্থনীতিবিদ অমৰ্ত্য সেনে ৷ অভিজিৎ বেনাৰ্জীয়ে ন'বেল বঁটা লাভ কৰাটো মোৰ বাবে সুখ আৰু আনন্দৰ বিষয় ৷ যোগ্য ব্যক্তিৰ হাততেই চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটা তুলি দিয়া হৈছে ৷

ন'বেল বঁটাপ্ৰাপক অৰ্থনীতিবিদ অমৰ্ত্য সেন
author img

By

Published : Oct 15, 2019, 3:48 PM IST

Updated : Oct 15, 2019, 5:24 PM IST

নিউজ ডেস্ক, 15 অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইষ্টাৰ ইষ্টাৰ ডাফলোৰ লগতে মাইকেল ক্ৰিমাৰে লাভ কৰে 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ দৰিদ্ৰতাৰ আতঁৰাবলৈ কৰা গৱেষনাৰ বাবেই তিনিওগৰাকী অৰ্থনীতিবিদে লাভ কৰে চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷

অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা বিজয়ী অভিজিৎ বিনায়ক বেনাৰ্জীৰ সাফল্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট অৰ্থনীতিবিদ তথা ন'বেল বিজয়ী অমৰ্ত্য সেনে ৷ 1998 চনত অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা লাভ কৰিছিল সেনে ৷ অভিজিৎ বেনাৰ্জীৰ সাফল্যত সেনে কয় যে, "অন্যান্যসকলৰ লগতে অভিজিৎ বেনাৰ্জীয়ে ন'বেল বঁটা লাভ কৰাত মই খুব সুখী আৰু আনন্দিত ৷ যোগ্য ব্যক্তিৰ হাততে এইবাৰ ন'বেল বঁটা তুলি দিয়া হৈছে ৷"

লগতে পঢ়কঃ ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল

বৰ্তমানে হাৰ্বাড বিশ্ববিদ্যালয়ৰ অৰ্থশাস্ত্ৰ আৰু দৰ্শন বিভাগত এগৰাকী অধ্যাপক হিচাপে সেৱা আগবঢ়াই আছে প্ৰসিদ্ধ অৰ্থশাস্ত্ৰবিদগৰাকীয়ে ৷ এই বিশ্ববিদ্যালয়ৰ পৰাই 1988 চনত সন্মানীয় Ph.D কৰিছিল অভিজিৎ বেনাৰ্জীয়ে ৷ উল্লেখ্য যে, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেসিডেন্সি কলেজৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চশিক্ষা সম্পন্ন কৰিছিল 58 বছৰীয়া অভিজিৎ বেনাৰ্জীয়ে ৷ 1988 চনত হাৰ্বাড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় Ph.D ডিগ্ৰী গ্ৰহণ কৰিছিল বেনাৰ্জীয়ে ৷ বৰ্তমানে মাছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'ল'জিৰ অৰ্থবিজ্ঞান শাখাৰ ফৰ্ড ফাউণ্ডেশ্বন ইণ্টাৰনেশ্বনেল প্ৰফেছৰ হিচাপে কৰ্মৰত অভিজিৎ বেনাৰ্জী ৷

Intro:Body:

ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জীক লৈ প্ৰতিক্ৰিয়া অমৰ্ত্য সেনৰ 

শেহতীয়াকৈ ঘোষণা কৰা অৰ্থশাস্ত্ৰৰ ন'বেল বঁটাক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্থনীতিবিদ অমৰ্ত্য সেনে ৷ অভিজিৎ বেনাৰ্জীয়ে ন'বেল বঁটা লাভ কৰাটো মোৰ বাবে সুখ আৰু আনন্দৰ বিষয় ৷ যোগ্য ব্যক্তিৰ হাততেই চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটা তুলি দিয়া হৈছে ৷ 

নিউজ ডেস্ক, 15 অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইষ্টাৰ ইষ্টাৰ ডাফলোৰ লগতে মাইকেল ক্ৰিমাৰে লাভ কৰে 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ দৰিদ্ৰতাৰ আতঁৰাবলৈ কৰা গৱেষনাৰ বাবেই তিনিওগৰাকী অৰ্থনীতিবিদে লাভ কৰে চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা ৷ 

অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা বিজয়ী অভিজিৎ বিনায়ক বেনাৰ্জীৰ সাফল্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট অৰ্থনীতিবিদ তথা ন'বেল বিজয়ী অমৰ্ত্য সেনে ৷ 1998 চনত অৰ্থশাস্ত্ৰৰ ন'বেল বঁটা লাভ কৰিছিল সেনে ৷ 

অভিজিৎ বেনাৰ্জীৰ সাফল্যত সেনে কয় যে, "অন্যান্যসকলৰ লগতে অভিজিৎ বেনাৰ্জীয়ে ন'বেল বঁটা লাভ কৰাত মই খুব সুখী আৰু আনন্দিত ৷ যোগ্য ব্যক্তিৰ হাততে এইবাৰ ন'বেল বঁটা তুলি দিয়া হৈছে ৷" 

উল্লেখ্য যে, হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থশাস্ত্ৰ আৰু দৰ্শন বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াই আছে প্ৰসিদ্ধ অৰ্থশাস্ত্ৰবিদগৰাকীয়ে ৷ এই বিশ্ববিদ্যালয়ৰ পৰাই 1988 চনত সন্মানীয় Ph.D কৰিছিল অভিজিৎ বেনাৰ্জীয়ে ৷ 

উল্লেখ্য যে, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেসিডেন্সি কলেজৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চশিক্ষা সম্পন্ন কৰিছিল 58 বছৰীয়া অভিজিৎ বেনাৰ্জীয়ে ৷ 1988 চনত হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় Ph.D ডিগ্ৰী গ্ৰহণ কৰিছিল বেনাৰ্জীয়ে ৷ বৰ্তমানে মাছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'ল'জিৰ অৰ্থবিজ্ঞান শাখাৰ ফৰ্ড ফাউণ্ডেশ্বন ইণ্টাৰনেশ্বনেল প্ৰফেছৰ হিচাপে কৰ্মৰত অভিজিৎ বেনাৰ্জী ৷

Conclusion:
Last Updated : Oct 15, 2019, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.