ETV Bharat / bharat

10 দিনৰ বাবে তিহাৰত আছিল অভিজিৎ বেনাৰ্জী

author img

By

Published : Oct 15, 2019, 3:42 PM IST

Updated : Oct 15, 2019, 5:22 PM IST

10 দিনৰ বাবে তিহাৰ জেলৰ আলহী হৈছিল 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জী ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত 1983 চনত ছাত্ৰ বিক্ষোভৰ সময়ত গ্ৰেপ্তাৰ হৈছিল অভিজিৎ বেনাৰ্জী ৷

ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জী

নিউজ ডেস্ক, 15 অক্টোবৰঃ 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটাপ্ৰাপক গৰাকীও 10 দিনৰ বাবে তিহাৰ জেলৰ আলহী হৈছিল ৷ চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে অংশগ্ৰহণ কৰিছিল ছাত্ৰ বিক্ষোভত ৷ ছাত্ৰ বিক্ষোভত অংশগ্ৰহণ আৰু উপাচাৰ্যক হত্যাৰ চেষ্টা চলোৱা অপৰাধত গ্ৰেপ্তাৰ হৈছিল অভিজিৎ বেনাৰ্জী ৷

1983 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপাচাৰ্যক ঘেৰাও কৰি বিক্ষোভত বহিছিল ছাত্ৰসমাজ ৷ সেই সময়ত বিশ্ববিদ্যালয়ত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল অভিজিৎ বেনাৰ্জী ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভাপতিক বহিষ্কাৰ কৰাৰ বাবেই উপাচাৰ্যক ঘেৰাও কৰি এইদৰে প্ৰতিবাদ কৰিছিল ছাত্ৰ সমাজে ৷

লগতে পঢ়কঃ ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল

ন'বেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে 2016 চনত দেশৰ এখন আগশাৰীৰ বাতৰিকাকতত প্ৰৱন্ধ আকাৰে প্ৰকাশ কৰিছিল এই কথা ৷ 2016 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দেশদ্ৰোহিতা বিতৰ্কই সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছিল ৷ সেই সময়তে বেনাৰ্জীয়ে লিখা প্ৰৱন্ধটোত তেখেতে উল্লেখ কৰিছিল গ্ৰেপ্তাৰৰ কথা ৷ কিদৰে প্ৰতিবাদস্থলীৰ পৰা তেওঁৰ লগতে তেওঁৰ সহপাঠীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকৰ ওপৰত কি কি ধাৰা লগাইছিল, গ্ৰেপ্তাৰৰ পিচত ক'ত ৰাখিছিল আদি সকলো কথাই প্ৰৱন্ধ আকাৰে প্ৰকাশ কৰিছিল অভিজিৎ বিনায়ক বেনাৰ্জীয়ে ৷

সেই সময়ত তেওঁলোকক মাৰধৰ কৰি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন নহ'লেও উপাচাৰ্যক হত্যাৰ অভিযোগ, আৰক্ষীক হত্যাৰ অভিযোগ আদিৰ দৰে অভিযোগ উত্থাপন কৰি 10 দিন তিহাৰ জেলত বন্দী কৰি ৰাখিছিল ন'বেল বঁটাপ্ৰাপক অৰ্থনীতিবিদগৰাকীক ৷

Intro:Body:

10 দিনৰ বাবে তিহাৰত আছিল অভিজিৎ বেনাৰ্জী 

10 দিনৰ বাবে তিহাৰ জেলৰ আলহী হৈছিল 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জী ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত 1983 চনত ছাত্ৰ বিক্ষোভৰ সময়ত গ্ৰেপ্তাৰ হৈছিল অভিজিৎ বেনাৰ্জী ৷ 

নিউজ ডেস্ক, 15 অক্টোবৰঃ 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰ ন'বেল বঁটাপ্ৰাপকগৰাকীও 10 দিনৰ বাবে তিহাৰ জেলৰ আলহী হৈছিল ৷ চলিত বৰ্ষৰ অৰ্থশাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপক অভিজিৎ বেনাৰ্জীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে অংশগ্ৰহণ কৰিছিল ছাত্ৰ বিক্ষোভত ৷ ছাত্ৰ বিক্ষোভত অংশগ্ৰহণ আৰু উপাচাৰ্যক হত্যাৰ চেষ্টা চলোৱা অপৰাধত গ্ৰেপ্তাৰ হৈছিল অভিজিৎ বেনাৰ্জী ৷ 

1983 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উপাচাৰ্যক ঘেৰাও কৰি বিক্ষোভত বহিছিল ছাত্ৰসমাজ ৷ সেই সময়ত বিশ্ববিদ্যালয়ত হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল অভিজিৎ বেনাৰ্জী ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংসদৰ সভাপতিক বহিষ্কাৰ কৰাৰ বাবেই উপাচাৰ্যক ঘেৰাও কৰি এইদৰে প্ৰতিবাদ কৰিছিল ছাত্ৰ সমাজে ৷ 

ন'বেল বঁটা বিজয়ী অভিজিৎ বেনাৰ্জীয়ে 2016 চনত দেশৰ এখন আগশাৰীৰ বাতৰিকাকতত প্ৰৱন্ধ আকাৰে প্ৰকাশ কৰিছিল এই কথা ৷ 2016 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ দেশদ্ৰোহিতা বিতৰ্কই সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছিল ৷ সেই সময়তে বেনাৰ্জীয়ে লিখা প্ৰৱন্ধটোত তেখেতে উল্লেখ কৰিছিল গ্ৰেপ্তাৰৰ কথা ৷ কিদৰে প্ৰতিবাদস্থলীৰ পৰা তেওঁৰ লগতে তেওঁৰ সহপাঠীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকৰ ওপৰত কি কি ধাৰা লগাইছিল, গ্ৰেপ্তাৰৰ পিচত ক'ত ৰাখিছিল আদি সকলো কথাই প্ৰৱন্ধআকাৰে প্ৰকাশ কৰিছিল অভিজিৎ বিনায়ক বেনাৰ্জীয়ে ৷ 

সেই সময়ত তেওঁলোকক মাৰধৰ কৰি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ তেওঁলোকৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন নহ'লেও উপাচাৰ্যক হত্যাৰ অভিযোগ, আৰক্ষীক হত্যাৰ অভিযোগ আদিৰ দৰে অভিযোগ উত্থাপন কৰি 10 দিন তিহাৰ জেলত বন্দী কৰি ৰাখিছিল ন'বেল বঁটাপ্ৰাপক অৰ্থনীতিবিদগৰাকীক ৷ 

Conclusion:
Last Updated : Oct 15, 2019, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.