ইন্টাৰনেশ্যনেল ডেস্ক,11 জানুৱাৰী: ভাৰতৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয় যদিহে নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ স্বায়ত্ব শাসিত উপাধি ওভটাই নিদিয়ে ৷ এই মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৷ ইছলামাবাদৰ ডিজিটেল সংবাদ মাধ্যমৰ প্ৰতিনিধিৰে হোৱা মত বিনিময় অনুষ্ঠানত নতুন দিল্লীৰে সম্ভাব্য আলোচনা সন্দৰ্ভত কৰা প্ৰশ্নত এই মন্তব্য কৰে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
ইমৰাণ খানে আৰু কয়, পাকিস্তানক অস্থিৰ কৰিবলৈ প্ৰয়াস কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ বাহিৰে আমাৰ আন কোনো দেশৰ লগতে প্ৰতিকূল সম্পৰ্ক নাই ৷
উল্লেখ্য যে, 2016 চনত পাকিস্তানৰ পাঠানকোটস্থিত সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সেনাই কৰা আক্ৰমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ স্খলন ঘটে ৷ 40 গৰাকী ভাৰতীয় সেনাই প্ৰাণ হেৰুওৱা পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাচতে এই সম্পৰ্কৰ আৰু অৱনতিঘটে ৷ ইয়াৰ পাচতে প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ যুদ্ধ বিমানে 2019 চনৰ 26 ফেব্ৰুৱাৰীত পাকিস্তানৰ জইছ-এ-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ এটি প্ৰশিক্ষণ শিবিৰত আক্ৰমণ চলায় ৷
ইয়াৰ উপৰিও বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা বিশেষ অধিকাৰ কৰ্তন কৰি ৰাজ্যখনক দুটাকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল পাকিস্তানে ৷ কাশ্মীৰ সমস্যা সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে আন্তৰ্জাতিক সমৰ্থন সংগ্ৰহৰ ব্যৰ্থ চেষ্টা চলাইছিল পাকিস্তানে ৷
লগতে পঢ়ক-সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা