ETV Bharat / bharat

তেলেংগানাত বৃদ্ধি হৈ আছে কৰ'ণা মহামাৰী - তেলেংগানা

তেলেংগানাত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,৯৯১ গৰাকীলৈ । বৰ্তমানো ৰাজ্যখনত হ্ৰাস পোৱা নাই নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা ।

No letup in coronavirus cases in Telangana

author img

By

Published : May 27, 2020, 1:41 PM IST

নিউজ ডেস্ক, 27 মে': তেলেংগানাত ক্ৰমবৰ্ধমান কৰ'ণা মহামাৰীৰ সংক্ৰমণ । মঙলবাৰৰ দিনটোত মুঠ ৭১ গৰাকী লোকৰ দেহত ধৰা পৰে Covid-19ৰ অৱস্থিতি । তাৰে ভিতৰত ৪ গৰাকী বিদেশী আৰু ১২ গৰাকী প্ৰব্ৰজক আছিল ।

বৰ্তমানলৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১,৯৯১ গৰাকীলৈ । ইয়াৰে মঙলবাৰে এগৰাকী লোকৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ৫৭ গৰাকীলৈ ।

ক্ৰমাগতভাৱে চতুৰ্থটো দিনটো বিদেশৰ পৰা উভতি অহা লোকৰ দেহত পোৱা গ'ল এই ভাইৰাছৰ অৱস্থিতি । ফলত মুঠ ৩২ গৰাকী বিদেশৰ পৰা উভতি অহা লোকৰ দেহত পোৱা যায় এই ভাইৰাছৰ অৱস্থিতি ।

২২ মে'ত ৰাজ্যখনত কুৱেইটৰ পৰা উভতি অহা ৪ গৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19 পজিটিভ । তেলেংগানাত প্ৰথম বাৰৰ বাবে বন্দে ভাৰত অভিযানত, বিদেশৰ পৰা উভতি অহা এইকেইজন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

আনহাতে ইয়াৰ পৰৱৰ্তী সময়ত 28 গৰাকী বিদেশৰ পৰা অহা লোকৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছ । অৱশ্যে স্বাস্থ্য বিভাগে সেই লোকসকলৰ কোনো তথ্য প্ৰকাশ কৰা নাই ।

তেলেংগানাত মঙলবাৰে ১২০ গৰাকী লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । বৰ্তমান তেলেংগানাত সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে ৬৫০ গৰাকী ।

৩৮ গৰাকী নতুন আক্ৰান্তৰে গ্ৰেটাৰ হায়দৰাবাদ বৰ্তমান হটস্পট হিচাপে অভিহিত হৈছে । লগতে ৰাংগা ৰেড্ডী আৰু মেডচাল জিলাটো ১৩ গৰাকী আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ।

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে দাবী কৰা অনুসৰি, তেলেংগানাত গ্ৰেটাৰ হায়দৰাবাদৰ কিছু অংশৰ বাহিৰে আন স্থানৰ পৰা COVID-19ত নতুনকৈ কোনো লোক আক্ৰান্ত হোৱা নাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.