নিউজ ডেস্ক, 5 অক্টোবৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতা জে পি নাড্ডাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকৰ ফলত ভাৰতত কোনো বিদেশী নাগৰিকক নাথাকিব বুলি মন্তব্য জে পি নাড্ডাৰ ৷ অনাগত দিনত আমি এনে কিছুমান ব্যৱস্থা কৰিম য’ত এজনো বিদেশী তথা বহিৰাগত নাগৰিক ভাৰতত থিতাপি ল’ব নোৱাৰিব বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী অধ্যক্ষগৰাকীয়ে ৷
যি সকল বহিঃৰাজ্যৰ পৰা আহিছে তেওঁলোকক পঠিয়াই দিয়া হ’ব আৰু অত্যাচাৰৰ সন্মুখীন হৈ থকা ভাৰতৰ বাহিৰত থকা হিন্দু, জৈন, শিখ, ইচাই ধৰ্মালম্বীৰ লোক সকলক শৰনাৰ্থী হিচাপে ভাৰতত ৰক্ষাণাবেক্ষণ দিয়া হ’ব বুলি কয় নাড্ডাই ৷ শুকুৰবাৰে বিজয় সংকল্প যাত্ৰাক সম্বোধন কৰি এই কথা উল্লেখ কৰে নাড্ডাই ৷