ETV Bharat / bharat

আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে

author img

By

Published : Oct 8, 2020, 9:57 AM IST

আমেৰিকাৰ General Atomics নামৰ সংস্থাৰ পৰা ভাৰতে ক্ৰয় কৰাৰ কথা আছিল 30 খনকৈ সশস্ত্ৰ ড্ৰোণ ৷ অৱশ্যে প্ৰায় 3 বিলিয়ন আমেৰিকান ডলাৰৰ এই চুক্তি সন্দৰ্ভত এতিয়াও প্ৰতিৰক্ষা মন্ত্ৰালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷

আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে
আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে

নিউজ ডেস্ক, 8 অক্টোবৰ : ভাৰতীয় বায়ুসেনাৰ সিদ্ধান্তৰ পিচতেই আমেৰিকাৰ পৰা ক্ৰয় কৰিবলগীয়া সশস্ত্ৰ ড্ৰোণ চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰতিৰক্ষা বিভাগে ৷ আমেৰিকাৰ General Atomicsৰ সৈতে প্ৰায় 3 বিলিয়ন আমেৰিকান ডলাৰৰ মূল্যৰ 30 খন সশস্ত্ৰ ড্ৰোণ ক্ৰয়ৰ এই চুক্তি সন্দৰ্ভত ইয়াক ক্ৰয় কৰাৰ বাবে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই বুলি প্ৰকাশ কৰে বিভাগে ৷

চীন আৰু পাকিস্তানৰ সৈতে চলি থকা সংঘাটৰ মাজতে প্ৰতিৰক্ষা বিভাগে এইটো স্পষ্ট কৰি দিয়ে যে, জৰুৰীকালীন অৱস্থাৰ নামত দেশে এনেকুৱা অধিগ্ৰহণ প্ৰক্ৰিয়াত খৰতকীয়া সিদ্ধান্ত গ্ৰহণ নকৰে ৷

চুক্তি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ত হোৱা আলোচনাৰ সময়ত এই ড্ৰোণসমূহ কাৰ্যদক্ষতা আৰু ইয়াৰ বিপদ সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই বহুকেইটা দিশ আঙুলিয়াই দিয়ে ৷ চিডিএছ জেন. বিপিন ৰাৱাটৰ উপস্থিতিত হোৱা এই আলোচনাত বায়ুসেনাই এই ড্ৰোণসমূহ সশস্ত্ৰ হ'লেও বৰ্তমানৰ এয়াৰস্পেছত কাৰ্যকুশল নহয় বুলি প্ৰকাশ কৰে ৷

ভাৰতে 10+10+10 ৰ ধাৰাৰে General Atomicsৰ পৰা 30খন সশস্ত্ৰ ড্ৰোণ ক্ৰয় কৰাৰ সিদ্ধান্তত উপনীত হৈছিল ৷ ইয়াৰ ভিতৰত MQ-9 Reaper সশস্ত্ৰ ড্ৰোণ অন্যতম আছিল, যাক ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সেৱাত সংযোজন কৰিছে ৷ আমেৰিকাৰ প্ৰশাসনে এইসমূহ ড্ৰোণ শস্ত্ৰ আৰু মিছাইলৰ সৈতে ভাৰতক বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

বায়ুসেনাৰ উপৰিও নৌ-সেনায়ো ভাৰত মহাসাগৰ অঞ্চলত নিৰীক্ষণ আৰু তালাচীৰ বাবে সশস্ত্ৰ ড্ৰোণ ক্ৰয় কৰাৰ পক্ষত সিদ্ধান্ত আগ বঢ়াইছিল ৷ এইসমূহ সশস্ত্ৰ ড্ৰোণ মিছাইল আৰু সক্ৰিয় ৰাডাৰৰ সহায়ত সংযুক্ত হৈ থাকিব ৷

MQ-9 Reaper সশস্ত্ৰ ড্ৰোণ 27 ঘন্টালৈ সক্ৰিয় হৈ থাকিব পাৰে আৰু ইয়াৰ গতিবেগ হৈছে 240 KTAS (knots true airspeed) ৷ এই ড্ৰোণে 50,000 ফুটত উৰিব পৰাৰ বিপৰীতে ইয়াৰ ওজন হৈছে 1,746 কিলোগ্ৰাম আৰু ই প্ৰায় 1,361 কিলোগ্ৰাম অতিৰিক্ত ওজন কঢ়িয়াবলৈ সক্ষম ৷ এইখন ড্ৰোণ ইয়াৰ অশ্বক্ষমতাৰ 9 গুণ অধিক শক্তিৰে 500 কিলোগ্ৰাম অধিক ওজন কঢ়িয়াব পৰা সুবিধাৰে সংযুক্ত ৷ এইখন ড্ৰোণ দীৰ্ঘদুৰত্ব, নিৰীক্ষণ আৰু যুঁজাৰু বিমানক আঘাত কৰিব পৰা শক্তিৰে সক্ষম ৷ বৰ্তমান সময়ত ইয়াক আমেৰিকাৰ বায়ুসেনা, আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটী, নাছা, ৰয়েল এয়াৰ ফৰ্চ, ইটালিয়ান এয়াৰ ফৰ্চ, ফ্ৰান্স এয়াৰ ফৰ্চ আৰু স্পেনিচ এয়াৰ ফৰ্চে ব্যৱহাৰ কৰি আছে ৷

লগতে পঢ়ক : 17 অক্টোবৰৰ পৰা চলিব টেজাচ এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.