ETV Bharat / bharat

3 মে’ লৈকে ভগৱান ভেংকটেশ্বৰা মন্দিৰত ভক্তৰ প্ৰৱেশ নিষেধ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশব্যাপী লক ডাউনৰ সময়সীমা 3 মে’লৈকে বৃদ্ধি হোৱা বুলি ঘোষণা কৰে ৷ এই ঘোষণাৰ পিচতে তিৰুমলা তিৰুপতি দেৱস্থানমে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

author img

By

Published : Apr 15, 2020, 3:48 PM IST

Updated : Apr 15, 2020, 5:41 PM IST

3 মে’ লৈকে ভগৱান ভেংকটেশ্বৰা মন্দিৰত ভক্তৰ প্ৰৱেশ নিষেধ
3 মে’ লৈকে ভগৱান ভেংকটেশ্বৰা মন্দিৰত ভক্তৰ প্ৰৱেশ নিষেধ

নিউজ ডেস্ক, 15 এপ্ৰিলঃ দক্ষিণ ভাৰতৰ অন্যতম তীৰ্থস্থলী,তিৰুমলা তিৰুপতি দেৱস্থানমৰ দুৱাৰ আগন্তুক 3 মে’লৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কৰা ঘোষণা অনুসৰি লক ডাউনৰ প্ৰতি সমৰ্থন জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷

ভগৱান বালাজীৰ মন্দিৰ,ভগৱান ভেংকটেশ্বৰাৰ মন্দিৰৰ লগতে অন্যান্য মন্দিৰসমূহ পৰিচালনা কৰে তিৰুমলা তিৰুপতি দেৱস্থানমে ৷ 24 মাৰ্চত ঘোষণা কৰা লক ডাউনৰ পূৰ্বে 20 মাৰ্চতেই দেৱস্থানমে কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি ৰাখি মন্দিৰৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি ৰাখিছিল পৰিচালনা সমিতিয়ে ৷ আনহাতে শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিচত পুনৰ এই সিদ্ধান্ত বাহাল ৰাখে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

মন্দিৰ পৰিচালনা সমিতিৰ জনসম্পৰ্কৰক্ষী বিষয়া ডাঃ টি ৰবিয়ে ইটিভি ভাৰত আগত এই তথ্য প্ৰকাশ কৰিছে ৷ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, মন্দিৰৰ দুৱাৰ তথা ভক্তৰ সমাগম বন্ধ থাকিলেও দৈনন্দিন পূজা চলি থাকিব বুলি গম পোৱা গৈছে ৷

লগতে পঢ়কঃ লকডাউন : নিৰ্ধাৰিত সূচী অনুসৰি মুকলি কৰা হ’ব চাৰধাম যাত্ৰা

Last Updated : Apr 15, 2020, 5:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.