ETV Bharat / bharat

প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিৰ বাবে দৰমহাৰ পৰা কৰ্তন নহয় ধন: AIIMS - AIIMS কৰ্তপক্ষ

প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিৰ বাবে বৰঙণি দিয়াৰ এক বিকল্প "অপ্ট ইন" ব্যৱস্থাৰ ওপৰত সন্মতি প্ৰদান AIIMS কৰ্তপক্ষৰ । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিৰ বাবে ৰেচিডেণ্ট চিকিৎসকৰ দৰমহাৰ পৰা কৰ্তন কৰা নহ'ব ধন ।

প্ৰধানমন্ত্ৰী সাহায্য পূঁজিৰ বাবে দৰমহাৰ পৰা কৰ্তন নহয় ধন: AIIMS

author img

By

Published : Apr 16, 2020, 3:22 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ AIIMS কৰ্তপক্ষৰ এক বিশেষ জাননী । প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিৰ বাবে ৰেচিডেণ্ট বা আৱাসিক চিকিৎসকৰ দৰমহাৰ পৰা কৰ্তন কৰা নহ'ব কোনো ধৰণৰ ধনৰাশি। আনহাতে যি সকল ইচ্ছুক আৱাসিক চিকিৎসকে ধনৰাশি প্ৰদানৰ পৰিকল্পনা কৰিছে তেওঁ সকলে স্ব-ইচ্ছাই দিব পাৰিব বুলি উল্লেখ কৰে ।

AIIMS কৰ্তপক্ষই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিৰ বাবে বৰঙণি দিয়াৰ এক বিকল্প "অপ্ট ইন" ব্যৱস্থাৰ সন্মতি প্ৰদান কৰি এই কথা উল্লেখ কৰিছে ।

ৰেচিডেণ্ট ডক্টৰ্ছ এশ্বচিয়েশ্যনক জনোৱা হৈছে যে, আৱাসিক চিকিৎসকৰ দৰমহাৰ পৰা কোনো ধৰণ ধন কৰ্তন কৰা নহয় । যি সকল আৱাসিক চিকিৎসকে ধন বৰঙণি দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে ২০ এপ্ৰিলৰ ভিতৰত এখন লিখিত আবেদনত একাডেমিক বিভাগক জনাব লাগিব বুলি জানিবলৈ দিয়ে AIIMSৰ পঞ্জীয়কে । আনহাতে নতুন দিল্লীৰ AIIMSত ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (PPEs)ৰ বাবে ধনৰ অভাৱ হোৱা নাই বুলিও AIIMS কৰ্তপক্ষই ।

ৰেচিডেণ্ট ডক্টৰ্ছ এশ্বচিয়েশ্যনৰ পৃষ্ঠপোষকতাতেই AIIMS প্ৰশাসনে প্ৰধানমন্ত্ৰী সাহাৰ্য পূঁজিলৈ সকলো আৱাসিক চিকিৎসক সকলক এদিনৰ বেতন স্ব-ইচ্ছাৰে দিয়াৰ আহ্বান কৰি অনুৰোধ জনাইছিল। এই ধনৰ পিপিই আৰু অন্যান্য সুবিধাৰ বাবে খৰচ কৰা হ'ব বুলি কোৱা হৈছিল ।

ইয়াৰ পূৰ্বে AIIMSৰ পঞ্জীয়কে ৮ এপ্ৰিলত এই সন্দৰ্ভত ৰেচিডেণ্ট ডক্টৰ্ছ এশ্বচিয়েশ্যনক নিজৰ স্থিতি জনাবলৈ কোৱা হৈছিল । সেই সময়ত অপ্ট-ইন বৰঙণিৰ ব্যৱস্থা নথকাৰ কথা উল্লেখ কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.