নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে উল্লেখ কৰে যে,দেশৰ ৮০খন জিলাত বিগত ৭ দিনত এটাও COVID-19ত আক্ৰান্ত লোক পোৱা নাই । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে বায়'টেকনলজি বিভাগৰ অধীনত স্বায়ত্ব শাসিত প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ গোট সমূহৰ সৈতে মত বিনিময় কৰে ।
মন্ত্ৰী গৰাকীয়ে জনায় যে,দেশৰ ৩০০ খন জিলা হটস্পটৰ বাহিৰত আৰু ১২২ খন জিলা COVID-19ৰ হটস্পট হিচাপে ঘোষণা কৰা হৈছে । ভাৰতত মঙলবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৯,৪৩৫লৈ বৃদ্ধি পায়,যাৰ ভিতৰত ২১,৬৩২ টা সক্ৰিয়,৬৮৬৯ ৰোগীয়ে অব্যাহতি পায় আৰু ৯৩৪ ৰোগী মৃত্যু মুখত পৰে । এই তথ্য প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।
লগতে পঢ়কঃ কৰ'ণা মহামাৰীঃ আজিৰ দিনটোৰ বিশ্বৰ সমীক্ষা