ETV Bharat / bharat

সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

author img

By

Published : Nov 16, 2020, 7:11 PM IST

বিহাৰত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে দেওবাৰে এনডিএ-ৰ বিধায়িনী দলৰ এখন বৈঠক আয়োজন কৰা হৈছিল ৷ উক্ত বৈঠকতে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় ৷ এই বৈঠকৰ পাছতে ৰাজভৱনলৈ গৈ নিতীশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আহ্বান জনায় ৷

nitish-kumar-to-take-oath-as-bihar-chief-minister-today
সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নিতীশ কুমাৰৰ

নিউজ ডেস্ক,16 নৱেম্বৰ: সোমবাৰে বিহাৰৰ 37 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে নীতিশ কুমাৰে ৷ সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় নীতিশ কুমাৰ ৷ বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানে নীতিশ কুমাৰক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে পি নড্ডা ৷ তদুপৰি এই সমাৰোহত উপস্থিত থকাৰ পৰা বিৰত থাকে ৰাষ্ট্ৰীয় জনতা দলে ৷

বিহাৰত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে দেওবাৰে এনডিএ-ৰ বিধায়িনী দলৰ এখন বৈঠক আয়োজন কৰা হৈছিল ৷ উক্ত বৈঠকতে নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয় ৷ এই বৈঠকৰ পাছতে ৰাজভৱনলৈ গৈ নীতিশ কুমাৰে ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আহ্বান জনায় ৷

উল্লেখ্য যে, বিহাৰত 243 খন বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল 10 নৱেম্বৰত আহে ৷ ফলাফল অনুসৰি NDA ই 125 খন আসনত জয়লাভ কৰে ৷ ইয়াৰে 74 খন আসন লাভ কৰে বিজেপিয়ে ৷ আনহাতে নীতিশ কুমাৰ নেতৃত্বাধীন NDA ৰ বিৰুদ্ধে যুঁজ দিয়া তেজস্বী যাদৱৰ নেতৃত্বাধীন মহাজোঁটবন্ধনে 110 খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷

লগতে পঢ়ক: সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিবলৈ সাজু নিতীশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.