ETV Bharat / bharat

অৰুণ জেটলীৰ মৃত্যুত শোকপ্ৰকাশ নীতিন গাডকাৰীৰ - অৰুণ জেটলীৰ মৃত্যুত শোকপ্ৰকাশ নীতিন গাডকাৰীৰ

শনিবাৰে দিনৰ ভাগত শেষনিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ৷ জেটলীৰ মৃত্যুৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নীতিন গাডকাৰীয়ে ৷

অৰুণ জেটলীৰ মৃত্যুত শোকপ্ৰকাশ নীতিন গাডকাৰীৰ
author img

By

Published : Aug 24, 2019, 3:40 PM IST

নিউজ ডেস্ক, 24 আগষ্টঃ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলীৰ মৃত্যুক লৈ শোকপ্ৰকাশ কৰিছে ৷ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে শনিবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ৷

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি ইহলীলা সম্বৰণ কৰে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে ৷ বিত্তমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

অৰুণ জেটলীৰ মৃত্যুত শোকপ্ৰকাশ নীতিন গাডকাৰীৰ

উল্লেখ্য যে, শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে বিগত 9 আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক ৷ স্বাস্থ্যজনিত অসুবিধাৰ বাবেই বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰাও বিৰত আছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকী ৷ আনহাতে লালকৃষ্ণ আদৱানীকে ধৰি ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডী, দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজল আৰু বিজেপি সাংসদ মেনকা গান্ধীৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে এইমছত গৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল ৷ পৰৱৰ্তী সময়ত 10 আগষ্টৰ পৰাই এইমছে জেটলীৰ স্বাস্থ্য সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰা নাছিল ৷

Intro:Body:

দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি অৰুণ জেটলীৰ 

দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ দ্ৰুতগতিত অৱনতি ঘটিছে ৷ এইমছ কৰ্তৃপক্ষই শেহতীয়াকৈ প্ৰকাশ কৰিছে এই তথ্য ৷ 

নিউজ ডেস্ক, 24 আগষ্টঃ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলীৰ স্বাস্থ্যৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছে ৷ নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা শোচনীয়ভাৱে অৱনতি ঘটিছে ৷ শুকুৰবাৰৰ পৰাই মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় হৈ পৰা বুলি প্ৰকাশ কৰিছে এইমছ কৰ্তৃপক্ষই ৷ 

উল্লেখ্য যে, শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ বাবে বিগত 9 আগষ্টত এইমছত ভৰ্তি কৰোৱা হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক ৷ স্বাস্থ্যজনিত অসুবিধাৰ বাবেই বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰাও বিৰত আছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকী ৷ আনহাতে লালকৃষ্ণ আদৱানীকে ধৰি ত্ৰিবেন্দ্ৰ সিং ৰাৱাট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডী, দিল্লীৰ উপ-ৰাজ্যপাল অনিল বৈজল আৰু বিজেপি সাংসদ মেনকা গান্ধীৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে এইমছত গৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছিল ৷ পৰৱৰ্তী সময়ত 10 আগষ্টৰ পৰাই এইমছে জেটলীৰ স্বাস্থ্য সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰা নাছিল ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.