ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : জল্লাদক 3 দিন পূৰ্বে অৱগত কৰাৰ নিৰ্দেশ তিহাৰ জেলৰ - তিহাৰ জেল কৰ্তৃপক্ষ

তিহাৰ জেল কৰ্তৃপক্ষক তিনিদিন পূৰ্বে অৱগত কৰিবলৈ জল্লাদক নিৰ্দেশ ৷ 20 মাৰ্চত ফাঁচীকাঠত ওলমোৱা হ'ব নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ৷

20 মাৰ্চত ফাঁচী
নিৰ্ভয়া কাণ্ডৰ দোষী
author img

By

Published : Mar 15, 2020, 10:17 PM IST

নেশ্যনেল ডেস্ক, 15 মাৰ্চ : 2012 চনৰ চাঞ্চল্যকৰ নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ দোষীক ফাঁচীকাঠত ওলমাবলৈ মাথো পাঁচ দিন বাকী ৷ এনে সময়তে দেওবাৰে তিহাৰ জেল কৰ্তৃপক্ষই জল্লাদক 3 দিন পূৰ্বে তিহাৰ জেলত উপস্থিত হৈ অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, মাৰ্চ মাহৰ প্ৰথমতে দিল্লীৰ এখন আদালতে দিয়া ৰায়দান অনুসৰি চাৰিজন দোষীক 20 মাৰ্চৰ দিনা পুৱা 5.30 বজাত ফাঁচীকাঠত ওলমোৱা হ'ব ৷ মৃত্যুদণ্ড লাভ কৰা এই চাৰিজন দোষী হৈছে মুকেশ কুমাৰ সিং (32), পৱন গুপ্তা (25), বিনয় শৰ্মা (26) আৰু অক্ষয় কুমাৰ সিং (31) ৷

ইয়াৰ পূৰ্বে তিনিবাৰকৈ এই দোষী কেইজনৰ ৰায়দানৰ দিন স্থগিত ৰখা হৈছিল ৷

20 মাৰ্চত পুনৰ মৃত্যুদণ্ডৰ দিন ধাৰ্য কৰাৰ পাচত তিহাৰ জেল কৰ্তৃপক্ষই উত্তৰ প্ৰদেশৰ জেললৈ পৱন জল্লাদক এই কাৰ্যত নিয়োগ কৰিবৰ বাবে অনুৰোধ জনাই এখন পত্ৰ প্ৰেৰণ কৰে ৷

তিহাৰ জেলৰ সঞ্চালক সন্দীপ গোয়েলে জানিবলৈ দিয়া অনুসৰি, "মিৰাটৰ জল্লাদ পৱনক 17 মাৰ্চত তিহাৰ জেলত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷"

উল্লেখ্য যে, 23 বৰ্ষীয় এগৰাকী ফিজিঅ'থেৰাপিষ্টক 2012 চনৰ 16 ডিচেম্বৰত এখন চলন্ত বাচত ধৰ্ষণ কৰাৰ লগতে প্ৰহাৰ কৰা হৈছিল৷ দুই পষেকৰ পাচত 'নিৰ্ভয়া' নামেৰে পৰিচিত এইগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লৈছিল ৷

ইয়াৰ পাচতে ছয়জনকৈ লোকক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰে এজন কিশোৰ হোৱাৰ লগতে এজনে তিহাৰ জেলৰ ভিতৰতে আত্মহত্যা কৰিছিল ৷ আনহাতে, তিনিবছৰ শুধৰণি গৃহত কটোৱাৰ পাচত কিশোৰজনক 2015 চনত মুকলি কৰি দিয়া হৈছিল ৷

আৰু পঢ়ক : জম্মু-কাশ্মীৰৰ ৰাজনৈতিক বন্দীক শীঘ্ৰেই মুক্তিৰ আশ্বাস অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.