ETV Bharat / bharat

বিবাহ বিচ্ছেদৰ আবেদন দাখিল নিৰ্ভয়া কাণ্ডৰ দোষীৰ পত্নীৰ

author img

By

Published : Mar 17, 2020, 11:25 PM IST

বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে নিৰ্ভয়া কাণ্ডৰ দোষীৰ পত্নীয়ে ৷ অক্ষয় কুমাৰ সিঙৰ পত্নীয়ে বিহাৰৰ দাখিল কৰিছে আবেদন ৷

নিৰ্ভয়া কাণ্ড
নিৰ্ভয়া কাণ্ডৰ দোষীৰ পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদন

নেশ্যনেল ডেস্ক, 17 মাৰ্চ : মৃত্যুদণ্ডত আৰু হেমাহি কৰাৰ লক্ষ্যৰে নিৰ্ভয়া কাণ্ডৰ এজন দোষীৰ পত্নীয়ে বিহাৰৰ ঔৰংগাবাদৰ এখন স্থানীয় আদালতত দাখিল কৰিছে বিবাহ বিচ্ছেদৰ আবেদন ৷

অক্ষম কুমাৰ সিঙৰ পত্নীয়ে এই সম্পৰ্কত কয় যে, যিহেতু তেওঁৰ স্বামীক 20 মাৰ্চত ফাঁচীকাঠত ওলমোৱা হ'ব সেয়েহে তেওঁ বিধৱা হৈ জীৱন কটাব নিবিচাৰে ৷ এই সম্পৰ্কত 19 মাৰ্চত আদালতে শুনানি গ্ৰহণ কৰিব ৷

অক্ষয়ৰ পত্নী পুনিতাই কয়, "মোৰ স্বামী নিৰ্দোষী ৷ তেওঁক ফাঁচীকাঠত ওলমোৱাৰ আগতে মই আইনীভাৱে বিবাহ বিচ্ছেদ কৰিব বিচাৰো ৷"

পুনিতাৰ উকীল মুকেশ কুমাৰ সিঙে সংবাদ মাধ্যমক জনায়, "পুনিতা সিঙে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ সম্পূৰ্ণ অধিকাৰ আছে ৷ সেয়েহে পৰিয়াল আদালতত মই এখন আবেদন দাখিল কৰিছো ৷ ধৰ্ষণৰ দৰে গোচৰত অভিযুক্ত স্বামীৰ পৰা হিন্দু বিবাহ অধিনিয়মৰ ধাৰা 13(2) (II) ৰ অধীনত পত্নী গৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰে ৷"

ইয়াৰ পাচতো কিছু আইনী বিশেষজ্ঞই দাবী কৰিছে যে, নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক 20 মাৰ্চৰ দিনাই নিৰ্ধাৰিত সময়সূচী অনুসৰি ফাঁচীকাঠত ওলমোৱা হ'ব ৷

আৰু পঢ়ক : কৰ'ণা আতংক : চিকিৎসকৰ আছুতীয়া কক্ষত আৱদ্ধ গজপতি মহাৰাজ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.