নতুন দিল্লী, 18 ডিচেম্বৰঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ মৃত্যুদণ্ড প্ৰদান কৰা চাৰি অভিযুক্তৰ অন্যতম অক্ষয় কুমাৰ সিঙৰ আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ৷ তিনিজনীয়া বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ আৰ. বানুমতীয়ে উল্লেখ কৰে যে 2017 চনৰ ৰায়দানৰ নতুনকৈ পৰ্যালোচনা কৰাৰ কোনো প্ৰশ্ন নুঠে কাৰণ অক্ষয় কুমাৰ সিঙে ন্যায়ালয়ক প্ৰদান কৰা পুনৰ আবেদনৰ ৰায় ইতিমধ্যে ন্যায়ালয়ে প্ৰদান কৰিছে ৷
ন্যায়াধীশ অশোক ভূষণ আৰু এ.এচ বোপান্নাই উল্লেখ কৰে যে 2017 চনৰ ৰায় অনুসৰি দোষীক ইতিমধ্যেই মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে আৰু ইয়াক পুনৰ বিবেচনাৰ আবেদন নস্যাৎ কৰা হৈছে ৷
বিচাৰপীঠসকলে দিয়া ৰায়ৰ পুনৰ বিবেচনা তথা ৰাষ্ট্ৰপতিলৈ এই বিষয়ে বিবেচনা কৰাৰ বাবে অধিবক্তা এ.পি সিঙে তিনি সপ্তাহৰ সময় বিচাৰছে ৷ আনহাতে দিল্লী চৰকাৰ নিযুক্ত মুখ্য চৰকাৰী অধিবক্তা তুষাৰ মেহতাই কয় যে ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন কৰাৰ বাবে আইনী সময় এসপ্তাহ ধাৰ্য থাকে ৷ লগতে বিচাৰপীঠে কয় যে আমি এই ক্ষেত্ৰত কোনো ব্যক্তিগত মন্তব্য প্ৰদান কৰা নাই ৷ আইন মতে যদি কোনো ইয়াৰ অধিনিয়ম আছে নিশ্চয় আইনীভাৱে বিবেচনা কৰা হ’ব ৷
আৰু পঢ়কঃ চি(এ)এ বিৰোধী প্ৰতিবাদৰ ফলত পশ্চিম বংগত সাময়িকভাৱে স্থগিত ইন্টাৰনেট সেৱা