নিউজ ডেস্ক, 1 জুলাইঃ ভাৰত চৰকাৰে বুধবাৰে পাঞ্জাৱত সন্ত্ৰাসবাদ বিৰোধী গতিবিধি পুণৰুজ্জীৱিত কৰা আৰু খালিস্তান আন্দোলনত যোগদান কৰাৰ প্ৰয়াসৰ বাবে 9 গৰাকী লোকক সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । তালিকাভুক্ত হোৱা লোক কেইজন ইয়াৰ ওপৰিও বিভিন্ন সন্ত্ৰাসবাদৰ লগত জড়িত কাৰ্যত অন্তৰ্ভুক্ত হৈ আছিল ।
গৃহ মন্ত্ৰণালয়ে বিদেশী লোক কেইজনক UAPA আইনৰ অধীনত সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰে । এই 9 জন লোকে পাঞ্জাৱত বে-আইনী কামত জড়িত থকাৰ লগতে ভাৰত বিৰোধী বিভিন্ন ধৰণৰ গতিবিধিও আৰম্ভ কৰিছিল ।
এই 9 গৰাকী লোকৰ ভিতৰত আছে গুৰপ্ৰতৱান্ত সিং পান্নাম, পৰমজিৎ সিং, হৰদ্বীপ সিং নিজ্জৰ, লখবিৰ সিং, ভূপেন্দৰ সিং বিন্দ্ৰা, গুৰমিত সিং বাগ্গা, ৱাধাৱা সিং বাব্বৰ, ৰণজিৎ সিং, পৰমজিৎ সিং ।