জম্মু-কাশ্মীৰৰ ৭ টাকৈ অঞ্চলত নিয়াৰ অভিযান। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অৰ্থে ধন প্ৰদানৰ অভিযোগত বিচ্ছিন্নতাবাদীনেতাৰ বাসগৃহত মঙলবাৰে অভিযান চলাই নিয়াই। অভিযানতনিয়াক সংগ দিয়ে জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে চিআৰপিএফ জোৱানে।
যাচিন মালিক, চব্বিৰ শ্বাহ, মিজৱাইজ ওমৰ ফাৰুক,মহম্মদ আছৰফ খান, নচিম গিলানী আদিকে ধৰি বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত চলোৱা হয় এই অভিযান। অভিযানত নিয়াৰ হাতত ধৰা পৰে সন্ত্ৰাসবাদ প্ৰলোভন মূলক নথি-পত্ৰ, সম্পত্তিৰ দলিল, ধন লেন-দেনৰ তথ্যকে ধৰি বিভিন্ন আপত্তিকজনক নথি-পত্ৰ । গুৰুত্বপূৰ্ণ ভাৱে সন্ত্ৰাসবাদী সংগঠনৰ নাম লিখা তথ্য-পাতি আৰু ইলেক্ট্ৰনিক ডিভাইচো জব্দ কৰিবলৈ সক্ষম হয় অনুসন্ধানকাৰী সংস্থাটোৱে।
উল্লেখ্য যে, পাকিস্তানৰ ভূমিত ভাৰতে সংঘটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ পাচতে ভাৰত বিৰোধী কাৰ্য কলাপত লিপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰত খোপনি পোতা পাকিস্তানী সন্ত্ৰাসবাদীয়ে। দেশত কূটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা ৰচনা কৰা সন্ত্ৰাসবাদীৰ তথ্য ফাদিলৰ বাবেই বিচ্ছিন্নতাবাদী নেতাৰ বাসভৱনত এনেদৰে অভিযান চলাই নিয়াই।