ETV Bharat / bharat

সন্ত্ৰাসবাদীৰে সংযোগৰ সন্দেহত চিৰচিত এজনক আটক

author img

By

Published : Nov 11, 2020, 1:28 PM IST

সন্ত্ৰাসবাদীৰে সংযোগ থকাৰ সন্দেহত চিৰচিত এজনক আটক ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া) ই অভিয়ুক্ত লোক গৰাকীক আটক কৰে ৷ আদালতৰ অনুমতি সাপেক্ষে লোক গৰাকীক পশ্চিমবংগলৈ প্ৰেৰণ ৷

সন্ত্ৰাসবাদীৰে সংযোগৰ সন্দেহত চিৰচিত এজনক আটক
সন্ত্ৰাসবাদীৰে সংযোগৰ সন্দেহত চিৰচিত এজনক আটক

চিৰচি (কৰ্ণাটক),11 নৱেম্বৰ : পাকিস্তানী সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া) ই এগৰাকী যুৱকক কৰায়ত্ব কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ অভিযুক্ত লোক গৰাকী চিৰচিৰ টালুকৰ অৰেকপ্পাৰ চৈয়দ ইদ্ৰিছ ছাবি ছাবা মুন্না (25) বুলি জানিব পৰা গৈছে ৷ নিয়াৰ দলটোৱে ইতিপূৰ্বেও তিনিবাৰকৈ সোধ-পোচৰ বাবে কৰায়ত্ব কৰিছিল ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত লোকগৰাকীক নিয়াই পুনৰ নিজৰ জিম্মাত লৈছে বুলি জানিব পৰা গৈছে ৷

অৰেকপ্পাৰ নিজা বাসগৃহৰ পৰা নিয়াই অভিযুক্ত লোক গৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰু বুধবাৰে আদালতত হাজিৰ কৰে ৷ আদালতৰ অনুমতি সাপেক্ষে অভিযুক্ত লোক গৰাকীক পশ্চিমবংগলৈ লৈ যোৱা হয় ৷ তথ্য অনুসৰি পশ্চিম বংগ আৰক্ষীয়ে অভিযুক্ত লোক গৰাকীক আৰু অধিক তথ্যৰ বাবে সোধ-পোচ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিমগঞ্জৰ শ্ৰীগৌৰী বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.