নিউজ ডেস্ক, 6 ডিচেম্বৰঃ তেলেংগানা আৰক্ষীক ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগৰ জাননী ৷ দেশ কঁপোৱা হাইদৰাবাদৰ চিকিৎসক ধৰ্ষণকাৰীক শুকুৰবাৰে পুৱতি নিশা এনকাউন্টাৰ কৰা সন্দৰ্ভত জাননী প্ৰেৰণ কৰে ৰাষ্ট্ৰীয় মানবঅধিকাৰ আয়োগে ৷
তথ্য অনুসৰি, মানবঅধিকাৰ আয়োগে অপৰাধ অনুসন্ধান শাখাৰ সঞ্চালকক শীঘ্ৰে এটি দল গঠন কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত দল এটি গঠন কৰি অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, বিগত 27 নৱেম্বৰত তেলেংগানা ৰাজ্যৰ ছামচাৱাদত এগৰাকী পশু চিকিৎসকক 4 গৰাকী ব্যক্তিয়ে প্ৰথমে ধৰ্ষণ কৰি জ্বলাই দিয়ে ৷
আৰু পঢ়কঃ হাইদাৰাবাদ ধৰ্ষণকাণ্ডঃ তেলেংগানা আৰক্ষীক পুষ্পবৰ্ষণ