ETV Bharat / bharat

হাথৰস কাণ্ডৰ তদন্ত সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ হ'ল বেচৰকাৰী সংস্থা - হাথৰস

হাথৰস কাণ্ডৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ হাতৰ পৰা স্থানান্তৰিত কৰি চি বি আইক অৰ্পণ কৰাৰ বাবে উচ্চতম ন্য়ায়ালয়ত আবেদন জনালে 'চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিচ' নামৰ এটা বেচৰকাৰী সংস্থাই । এই আবেদনত কেইবাটাও দিশ উনুকিয়াইছে 'চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিচে'।

হাথৰস কাণ্ডৰ তদন্ত সন্দৰ্ভত উচ্চতম ন্য়ায়ালয়ৰ দ্বাৰস্থ হ'ল NGO

author img

By

Published : Oct 8, 2020, 4:39 PM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : সমগ্ৰ দেশতে তোলপাৰ লগোৱা উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰাৰ আহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল 'চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিচ' নামৰ এটা বেচৰকাৰী সংস্থা। হাথৰস কাণ্ডৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ হাতৰ পৰা স্থানান্তৰিত কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰাৰ বাবে আবেদন জনায়। এই আবেদনত নিৰ্যাতিতাৰ পৰিয়ালক এই বিষয়টো গাপ দিবলৈ ধমক দিয়াৰ কথাও উল্লেখ কৰা হৈছে ।

বেচৰকাৰী সংস্থাটোৱে এই আবেদনত কেইবাটাও দিশ উনুকিয়াইছে । হাথৰস কাণ্ডৰ সাক্ষীক সুৰক্ষা প্ৰদান, মৃতকৰ অধিকাৰ, নাৰ্ক' বিশ্লেষণ পৰীক্ষাৰ স্বীকৃতি, মৃত্যুৰ ঘোষণা আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰাসংগিকতা আৰু ধৰ্ষণ কাণ্ডৰে জড়িত আন স্বাস্থ্য সম্বন্ধীয় প্ৰমাণ আদি সন্নিৱিষ্ট কৰা হৈছে উচ্চতম ন্য়ায়ালয়ত জনোৱা এই আবেদনখনত । সংস্থাটোৱে সমগ্ৰ ঘটনাৰ বাবে উচ্চপদস্থ আৰক্ষী বিষয়া আৰু নিৰ্বাচিত প্ৰতিনিধিক জগৰীয়া কৰিছে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশ চৰকাৰে চলিত সপ্তাহতে শপতনামা দাখিল কৰিছে, য'ত সমগ্ৰ ঘটনাৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰাৰ আহ্বান জনোৱা হৈছে । যোৱা ৪ ছেপ্টেম্বৰত হাথৰসত ৪টা নৰপিশাচে ধৰ্ষণ কৰিছিল এগৰাকী যুৱতীক । দিল্লীৰ চফদৰগঞ্জ হাস্পতালত চিকিৎসা চলি থকা অৱস্থাতে মৃত্যু হয় । যোৱা ৩০ ছেপ্টেম্বৰত যুৱতীগৰাকীৰ ঘৰৰ সমীপতে পৰিয়ালৰ লোকৰ অনুমতি নোলোৱাকৈ আৰক্ষীয়ে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ অভিযোগো উত্থাপন হৈছিল । অৱশ্যে, পৰিয়ালৰ লোকৰ অনুমতি লোৱা হৈছে বুলি আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে । 'চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিচ' নামৰ বেচৰকাৰী সংস্থাটোৱে অভিযোগ তুলিছে যে, আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ধৰ্ষণ হোৱা নাই বুলি প্ৰমাণিত কৰিছে ।

এনে বহুকেইগৰাকী নিৰ্যাতিতাৰ ন্যায়ৰ বাবে যুঁজ দি অহা সংস্থাটোৱে এইবাৰ হাথৰস কাণ্ডৰ নিৰ্যাতিতাৰ ন্যায়ৰ বাবেও উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । নিৰ্যাতিতাৰ পৰিয়ালৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আহি পৰিছে বুলি আবেদনত উল্লেখ কৰা হৈছে । কোনো ক্ষমতাশালী ব্যক্তিয়ে পৰিয়ালটোক ধমক দি আহিছে বুলিও ন্যায়ালয়ক অৱগত কৰিছে সংস্থাটোৱে । সাক্ষীৰ সুৰক্ষাৰ ক্ষেত্ৰতো অনিশ্চয়তা আহি পৰিছে । আবেদনত উল্লেখ কৰা হৈছে যে, যোৱা ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ চৰকাৰৰ মুখপাত্ৰই কৈছে যে, পীড়িতাৰ পৰিয়ালৰ পলিগ্ৰাফ আৰু নাৰ্ক' বিশ্লেষণ পৰীক্ষা আয়োজন কৰা হ'ব । আবেদনৰ জৰিয়তে হাথৰস কাণ্ডৰ তদন্তৰ দায়িত্ব আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ হাতৰ পৰা স্থানান্তৰিত কৰি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পণ কৰাৰ বাবে উচ্চতম ন্য়ায়ালয়ক আহ্বান জনাইছে 'চিটিজেনছ ফৰ জাষ্টিছ এণ্ড পিচে'।

লগতে পঢ়ক: প্ৰখৰ স্মৃতিশক্তিৰে অভিলেখ ৰচিলে হাইদৰাবাদৰ এটি শিশুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.