নেশ্যনেল ডেস্ক, 1 মে': ইণ্ডিয়ান নিউজ পেপাৰ চ'ছাইটীয়ে চৰকাৰৰ পৰা বাতৰি উদ্যোগটোক এক শক্তিশালী উদ্দীপক পেকেজ প্ৰদান কৰিবলৈ আহ্বান জনায় । যি 4 হাজাৰ কোটি টকাৰো অধিক লোকচানৰ সন্মুখীন হৈছে আৰু আগন্তুক 6-7 মাহত এই লোকচানৰ পৰিমাণ 15,000 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যদিহে চৰকাৰে কোনো ধৰণৰ সাহায্য প্ৰদান নকৰে ।
তথ্য আৰু সম্প্ৰচাৰ সচিবলৈ লিখা এখন পত্ৰত ইণ্ডিয়ান নিউজ পেপাৰ চ'ছাইটীয়ে উল্লেখ কৰিছে যে, ভাৰতত আটাইতকৈ অধিক ক্ষতিৰ সন্মুখীন হৈছে বাতৰি কাকত উদ্যোগটো । কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়চোৱাত ৰাষ্ট্ৰব্যাপী জাৰি কৰা লক্ ডাউনৰ সময়ত বিজ্ঞাপন অথবা প্ৰচাৰৰ বাবে আহিবলগীয়া ৰাজহ সমূহো বৰ্তমান নহা হৈছে ।
ইণ্ডিয়ান নিউজ পেপাৰ চ'ছাইটীয়ে চৰকাৰৰ পৰা বতৰি ছপা কৰাৰ ক্ষেত্ৰতো 5 শতাংশ শুল্ক প্ৰত্যাহাৰৰ বাবে আহ্বান জনাইছে । এতিয়ালৈ যিমানবোৰ ক্ষয়-ক্ষতি হৈছে, সেই ক্ষতিয়ে এই উদ্যোগটোৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত 30 লাখ কৰ্মকৰ্তাৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে ।
20 এপ্ৰিলত লিখা পত্ৰখনত ইণ্ডিয়ান নিউজ পেপাৰ চ'ছাইটীয়ে উল্লেখ কৰিছে, বাতৰিকাকতৰ উদ্যোগটোৱে 18-20 লাখ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্ম সংস্থাপন প্ৰদান কৰিছে । কিন্তু বিগত কেইবাটাও সপ্তাহৰ পৰা হোৱা লোকচানৰ বাবে বাতৰি কাকত প্ৰতিষ্ঠান সমূহে এই লোকসকলক দৰমহা আদায় কৰাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে ।
চৰকাৰক ছপা সংবাদ মাধ্যমৰ ক্ষেত্ৰত দুবছৰৰ বাবে কৰ ৰেহাই দিবলৈ, বিজ্ঞাপনৰ ক্ষেত্ৰত 50 শতাংশ নিৰিখ ধাৰ্য কৰাকে ধৰি কেইবাটাও আবেদন জনাইছে ইণ্ডিয়ান নিউজ পেপাৰ চ'ছাইটীয়ে ।
লগতে পঢ়কঃ COVID 19: ৰাজ্যজুৰি 1 মে'ৰ সামগ্ৰিক স্থিতি