নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে যে, ছয় কোটি কৃষকৰ বেংক একাউন্টলৈ পোনপটীয়াকৈ 12,000 কোটি টকা প্ৰদান কৰি অভিলেখ সৃষ্টি কৰা হ'ল ৷
গুজৰাটত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তৃতীয় বিশ্ব আলু সমাৰোহ (Third Global Potato Conclave) সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কৃষকৰ পৰিশ্ৰম আৰু চৰকাৰৰ আঁচনিৰ জৰিয়তে খাদ্য সামগ্ৰী উৎপাদনত ভাৰতীয় শীৰ্ষ তিনি ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৷
মোডীয়ে কয়, "2022 বৰ্ষলৈ কৃষকৰ আয় বৃদ্ধি কৰিবৰ বাবে বহুকেইটা পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কৃষক আৰু চৰকাৰী আঁচনিসমূহৰ যৎপৰোনাস্তি চেষ্টাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে ৷"
তেওঁ লগতে কয়, "মাহটোৰ আৰম্ভণিতে ছয় কোটি কৃষকৰ বেংক একাউন্টত 12,000 কোটি টকা প্ৰদান কৰা হৈছে ৷"
আৰু পঢ়ক : 106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা