ETV Bharat / bharat

ক্ৰমাৎ সুস্থিৰ হৈছে উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি

author img

By

Published : Feb 29, 2020, 7:27 PM IST

বিগত 72 ঘন্টাত হিংসা-জৰ্জৰিত উত্তৰ-পূব দিল্লীত কোনো ঘটনা সংঘটিত হোৱা নাই ৷ উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল মোটায়েন কৰা হৈছে ৷

ক্ৰমাৎ সুস্থিৰ হৈছে উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি
ক্ৰমাৎ সুস্থিৰ হৈছে উত্তৰ-পূব দিল্লীৰ পৰিস্থিতি

নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইনক লৈ সংঘটিত ব্যাপক হিংসাৰ পিচত শেহতীয়াকৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে উত্তৰ-পূব দিল্লীত ৷ বিগত কিছুদিন ধৰি সংঘটিত হোৱা হিংসাত্মক ঘটনাত 42 গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে আহত হয় 300ৰো অধিক লোক ৷ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেবালানি আলোচনাত মিলিত হোৱাৰ উপৰিও বিভিন্ন প্ৰান্তত নিয়োগ কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, বিগত 72 ঘন্টাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷ দিল্লী আৰক্ষীয়ে এইকেইদিনত 123টা গোচৰ ৰুজু কৰাৰ উপৰিও 25টা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ দিল্লী আৰক্ষীৰ লগতে চিআৰপিএফ, এছএছবি আৰু চিআইএছএফ বাহিনীৰ দ্বাৰা ফ্লেগ মাৰ্চ কৰা হৈছে ৷

পৰিস্থিতি উন্নত হোৱালৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে হিংসা জৰ্জৰিত অঞ্চলসমূহত আৰোপ কৰা নিষেধাজ্ঞা আতঁৰাই দিছে ৷ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে দুটাকৈ বিশেষ তদন্তকাৰী দল গঠন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.