ETV Bharat / bharat

হাইড্ৰক্সিক্ল'ৰকুইন দিয়াৰ বাবে ভাৰতক ধন্যবাদ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Apr 10, 2020, 4:25 PM IST

ইজৰাইললৈ হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ ৰপ্তানি কৰাৰ দুদিনৰ পাচতেই ভাৰতক ধন্যবাদ জ্ঞাপন কৰে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে । মঙলবাৰে ইজৰাইলে লাভ কৰিছিল ভাৰতে পঠিওৱা হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ ।

Netanyahu thanks India for delivering hydroxychloroquine to Israel

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ বৃহস্পতিবাৰে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । ভাৰতৰ পৰা ৰপ্তানি কৰা ৫ টন হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ মঙলবাৰে ইজৰাইলে লাভ কৰাৰ দুদিনৰ পাচতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়, ধন্য়বাদ, মোৰ মৰম বন্ধু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইজৰাইললৈ ক্ল'ৰকুইন পঠিওৱাৰ বাবে ইজৰাইলৰ সকলো নাগৰিকৰ তৰফৰ পৰা ধন্যবাদ ।

ভাৰতে প্ৰদান কৰা পাঁচ টন সমাগ্ৰীৰ ভিতৰতে আছিল ক্ল'ৰকুইন, হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ । বিশ্ব জুৰি বৰ্তমান এই ঔষধবিধক COVID-১৯ নিৰাময়ৰ ক্ষেত্ৰত প্ৰৱল ঔষধ হিচাপে গণ্য কৰা হৈছে ।

যোৱা ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ ৰপ্তানি কৰাৰ বাবে অনুৰোধ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰতেত সৰ্বাধিক উৎপাদন কৰা হয় এই হাইড্ৰক্সিক্ল'ৰকুইন ঔষধ । আনহাতে শেহতীয়াকৈ আমেৰিকাৰ অনুৰোধ মৰ্মে আমেৰিকালৈও ৰপ্তানি কৰা হৈছে এইবিধ ঔষধ ।

ইজৰাইলত বৰ্তমানলৈকে ১০ হাজাৰতৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৬ জন লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে । আনহাতে ভেণ্টিলেটৰত থকা ১২১ জনৰ অৱস্থা সংকটজনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.