নিউজ ডেস্ক,19জুলাইঃ বিহাৰত ভাৰত-নেপাল সীমান্তৰ সীতা গোফাৰ ওচৰত নেপালী নাগৰিকে জনবিশ্বাসী স্তম্ভ এটা উভালি পেলোৱাক লৈ অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে ৷ পশ্চিম চম্পাৰণৰ ভীখানথৰিত মেন্স লেণ্ডৰ 436 নম্বৰৰ স্তম্ভতো উভালি পেলায় নেপালৰ নাগৰিকে ৷ কাৰণ উক্ত অঞ্চলতোত ভগৱান ৰামৰ স্মৃতি বিজৰিত হৈ আছে আৰু সেই ঠাইডোখৰ নেপালৰ বুলি দাবী জনাই আহিছে নেপালৰ প্ৰধান মন্ত্ৰীৰ লগতে নেপালৰ নাগৰিকে ৷ ঘটনা অনুসৰি 13 জুলাইত নেপালৰ প্ৰধান মন্ত্ৰী অলিয়ে যেতিয়া দাবী কৰিলে যে প্ৰকৃত অযোধ্যা নেপালত আছে ভাৰতত নাই ৷ ভগৱান ৰামৰ জন্ম নেপালৰ থৰিত হে অৱস্থিত তেতিয়াৰ পৰাই নেপালৰ নাগৰিকে সজোৰে দাবী জনাই উত্তেজনাৰ সৃষ্টি কৰি আহিছে ভাৰত-নেপাল সীমান্তত ৷
ইপিনে উক্ত ঘটনাৰ বিষয়ে ভাৰতীয় স্থানীয় নাগৰিকে প্ৰশাসনক জনোৱাৰ পিছতেই ঘটনাস্থলীত এছএছবিৰ 44 বি বেটালিয়নৰ ভীখনথৰিৰ BOP দলক লগত লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ ইপিনে এছএছবিৰ কামাণ্ডেন্ট একে সিঙে জানিবলৈ দিয়ে যে ঘটনাৰ বিষয়ে জানিব পাৰি BOP ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম কুমাৰে জোৱান সকলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে সহকাৰী জেনেৰেল বিষয়া সৈলেশ কুমাৰে সমগ্ৰ ঘটনাৰ ওপৰত নজৰ ৰাখি আছে বুলি জানিবলৈ দিয়ে এছএছবিৰ বিষয়া গৰাকীয়ে ৷ লগতে বিষয়াগৰাকীয়ে উল্লেখ কৰে যে নেপালৰ প্ৰধানমন্ত্ৰীয়ে থৰিৰ কাষতে থকা পৰষা জিলাত এছডিঅয়ে সীতা গোফা ভ্ৰমণ কৰিছিল তাৰপাছতেই নেপালী নাগৰিকে নেপাল আৰক্ষীৰ উপস্থিতিতে স্তম্ভতো উভালি পেলায় ৷ নেপালৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে অযোধ্যা নেপালত অৱস্থিত ৷ ইপিনে নেপালৰ নাগৰিক সকলে বিশ্বাস কৰে যে দেৱী সীতা বাল্মীকি আশ্ৰমলৈ যোৱাৰ আগতে এই গোফাতোতে কিছু সময় জিৰণি লৈছিল ৷ পূৰ্বৰ পৰাই দুযোখন দেশৰ নাগৰিকে উক্ত স্থানতে ভগৱানৰ উপাশনা কৰি আহিছিল শেহতীয়া পৰিস্থিতিয়ে দুযোখন দেশৰ মাজৰ সৰ্ম্পকত ফাট মেলা দেখা গৈছে ৷
লগতে পঢ়কঃ কাৰাগাৰতে চিকিৎসা আৰম্ভ কৰ’ণাত আক্ৰান্ত কয়দীৰ